প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ছবি পুনৰ ছবিগৃহত মুক্তি পাইছে ৷ একালৰ জনপ্ৰিয় অভিনেতাজনৰ সুশান্তৰ মৃত্যুৰ চাৰি বছৰতকৈও অধিক সময় পাৰ হৈ গ’ল। তথাপিও অনুৰাগীয়ে তেওঁক পাহৰিব পৰা নাছিল। গতিকে সুশান্তৰ ছবিখন পুনৰ চিনেমাগৃহত চোৱাটো তেওঁলোকৰ বাবে ডাঙৰ কথা। কিন্তু সুশান্তৰ কোনখন ছবি পুনৰ ছবিগৃহত মুক্তি পালে?
ভাৰতীয় ক্ৰিকেট তাৰকা প্ৰাক্তন মহেন্দ্ৰ সিং ধোনিৰ বায়’পিক এম এছ ধোনি: দ্য আনটল্ড ষ্ট’ৰী ২০১৬ চনত মুক্তি পাইছিল। শিৰোনাম চৰিত্ৰত অভিনয় কৰাৰ বাবে সুশান্তক প্ৰশংসা কৰা হৈছিল। ৫ জুলাইৰ পৰা ১১ জুলাইলৈ ছবিগৃহত দেখা যাব এই ছবিখন। অহা ৭ জুলাইত ধোনীৰ জন্মদিন। এই ছবিখনৰ নিৰ্মাতাসকলে প্ৰাক্তন ক্ৰিকেট তাৰকাগৰাকীৰ ৪৩ সংখ্যক জন্মদিন উপলক্ষে ‘এম এছ ধোনি: দ্য আনটল্ড ষ্ট’ৰী’ পুনৰ মুক্তিৰ সিদ্ধান্ত লৈছে।
কিছুদিন পূৰ্বে ভাৰতে টি-২০ বিশ্বকাপত জয়লাভ কৰিছিল। ক্ৰিকেট তাৰকা ৰোহিত শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে ভাৰতে জয়লাভ কৰে। দ্বিতীয়বাৰৰ বাবে ভাৰতৰ জয়ৰ সময়ত মহেন্দ্ৰ সিং ধোনী অধিনায়ক হিচাপে আছিল। ছবিখনত বিশ্বকাপ জয়ৰ সেই কাহিনী দেখুওৱা হৈছিল ৷ গতিকে আশা কৰিব পাৰি যে সেই স্মৃতি ৰোমন্থন কৰিবলৈ এই ছবিখন চাবলৈ চিনেমা হলত দর্শকে ভিৰ কৰিব।
উল্লেখ্য যে ২০২০ চনৰ ১৪ জুনত বান্দ্ৰাৰ এটা ফ্লেটৰ পৰা সুশান্তৰ মৃতদেহ উদ্ধাৰ কৰে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, অভিনেতাজনে আত্মহত্যা কৰে। অৱশ্যে তেওঁৰ মৃত্যুক লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে। সুশান্তক শেষবাৰৰ বাবে দেখা গৈছিল ‘দিল বেচাৰা’ নামৰ এখন ছবিত। এই ছবিখন তেওঁৰ মৃত্যুৰ পিছত মুক্তি পাইছিল।