জনপ্ৰিয় ৰিয়েলিটি শ্ব’ লকআপৰ প্ৰতিযোগী কৰণবীৰ বোহৰাৰ পত্নী তিজয় সিদ্ধুক ডুবাই অভিমুখী বিমানত উঠিবলৈ অনুমতি নিদিয়াৰ বাবে তিনি সন্তানসহ আৱদ্ধ হৈ পৰে দিল্লী বিমানবন্দৰত ৷ তেওঁৰ দুই সন্তানৰ ভিছাৰ ম্যাদ উকলি যোৱাৰ বাবে বিমানত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল ৷ আনহাতে বিমান সেৱাৰ বিষয়াসকলে তেওঁক অভদ্ৰ আচৰণ কৰাৰো অভিযোগ উত্থাপন কৰিছে ৷ । তিজয় আৰু কাৰণবীৰ তিনিটা সন্তানৰ পিতৃ-মাতৃ ৷ তিজয় মুম্বাইৰ পৰা দিল্লীলৈ অহাৰ পাছত পুৱা ডুবাইলৈ ৰাওনা হোৱাৰ বাবে বিমানত উঠিব লৈছিল ৷ যোৱা বছৰ জুলাইত তেওঁ স্বামী আৰু সন্তানৰ সৈতে ভাৰতলৈ আহিছিল।
তিজয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, “এইটো কেনেকৈ ঘটিল সেয়া মোৰ বোধগম্যতাৰ বাহিৰত। মই মোৰ তিনিওটা ল’ৰা ছোৱালীৰ বাবে একেলগে ভিছা পাইছিলো। মোক কোৱা হৈছিল যে মই এখন কেবত ইমিগ্ৰেচন অফিচলৈ যাব লাগিব আৰু বিষয়টো নিশ্চিত কৰিব লাগিব। আবেলি ৪ বাজি ১৫ মিনিটত মই যাবলগীয়া বিমানখনে উৰা মাৰিছিল। পিছতহে এমিৰেটছৰ এজন জ্যেষ্ঠ বিষয়াই কৈছিল যে মই বিমানবন্দৰত তেওঁলোকৰ ইমিগ্ৰেচন কাৰ্যালয়ৰ সৈতে কথা পাতিব পাৰো। এবাৰ মই তালৈ যোৱাৰ পিছত, বিষয়টো সমাধান হ’ল। মোক এইটো কিয় তেওঁলোকে আগতেই নক’লে ?“
তিজয়ে লগতে কয় যে তেওঁক নিজৰ বাবে নতুন টিকট ক্ৰয় কৰিবলৈ কোৱাৰ লগতে বিমানবন্দৰৰ চৌহদৰ পৰা বাহিৰলৈ যাবলৈ কোৱা হৈছিল। তিজয়ে কয় “তেওঁলোকে কৈছে যে মোৰ অহাত পলম হৈছে ৷ কিন্তু মোক বৰ্ডিং পাছ জাৰি কৰাৰ পিছত কেৱল কাষ্টমচ কাউণ্টাৰত কিয় বাধা দিছিল। মই মোৰ নতুন টিকট ক্ৰয় কৰিম ৷ কিন্তু তিনিটা শিশুৰ সৈতে থকা এগৰাকী মহিলাৰ বাবে তেওঁলোকে অপেক্ষা কৰিব নোৱাৰে নেকি ? তেওঁলোকে কৈছিল যে নিৰাপত্তাৰক্ষী মাতি মোক উলিয়াই দিব ৷ তেওঁলোকে যি বিচাৰে তাকে কৰিব পাৰে বুলি মই কৈছিলো ৷”