বৰ্তমান সময়ৰ জনপ্ৰিয় ধাৰাবাহিক ‘বৰে অচ্ছে লগতে হে’ ২ৰ পৰা বিদায় ল’বলৈ সাজু হৈছে টেলিভিছনৰ অভিনেতা নকুল মেহতা আৰু দিশা পৰমাৰে।বিগত ডেৰ বছৰ ধৰি ৰাম আৰু প্ৰিয়া কাপুৰৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় এই যুটিটোৱে অভিনয়ৰ যোগেদি দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল ৷ শেহতীয়াকৈ নকুলে ধাৰাবাহিকখন এৰি দিয়াৰ সিদ্ধান্তৰ বিষয়ে মুকলিকৈ কয়।
হিন্দুস্তান টাইমছৰ সৈতে হোৱা কথা-বতৰাত নকুলে প্ৰকাশ কৰে যে যদিও ৰাম কাপুৰ আৰু সাক্ষী তনৱাৰৰ একে নামৰ এই জনপ্ৰিয় ধাৰাবাহিকখনক লৈ মানুহৰ সন্দেহ আছিল তথাপি ধাৰাবাহিকখন দৰ্শকৰ মাজলৈ যাবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে এই যাত্ৰাৰ অংশ হোৱাৰ বাবে তেওঁ সৃষ্টিশীলভাৱে নিজকে পূৰ্ণ অনুভৱ কৰে আৰু ইয়াতকৈ তেওঁ আগবঢ়াব পৰা একো নাই।ইমান দিনে ধাৰাবাহিকখনৰ এক অভিন্ন অংশ হৈ থকা অভিনেতা গৰাকীয়ে কয় যে কাহিনীটো আগবাঢ়ি গৈ আছে আৰু তেওঁ অনুভৱ কৰে যে তেওঁ ইয়াত একো নতুনত্ব দিব নোৱাৰে। তেওঁ ৰামৰ চৰিত্ৰত অভিনয় কৰা এই সময় খিনি অৱশ্যেই পাহৰিব নোৱাৰিব
অৱশ্যে নকুল আৰু দিশাই এই শ্ব’টো এৰি দিয়াৰ উৰাবাতৰি ইণ্টাৰনেটত যথেষ্ট দিনৰ পৰাই চৰ্চিত হৈ আহিছে। কোৱা হৈছে যে এই জনপ্ৰিয় যুটিটো নিজৰ প্ৰকৃত বয়সতকৈ বেছি বয়সৰ চৰিত্ৰত অভিনয় কৰিবলৈ অনিচ্ছুক। গতিকে এইবাৰ ‘বৰে অচ্ছে লগতে হেই ২’ৰ কাহিনী তেওঁলোকৰ কন্যা পিহুৰ ওপৰত কেন্দ্ৰীভূত হ’ব। জানিব পৰা মতে ধাৰাবাহিক খনত এইবাৰ নতুন এটি চৰিত্ৰৰে হিতেন তেজৱানীয়ে প্ৰবেশ কৰিব ।