আচলতে তেওঁ এজন বিদেশী। কিন্তু হিন্দী ছবিজগতত তেওঁ চলাইছে দপদপনি ৷ নাম নোৰা ফাতেহী ৷ সুন্দৰী নোৰা ফাতেহীয়ে নিজকে হৃদয়ত ভাৰতীয় বুলি গণ্য কৰে, যদিও তেওঁৰ সৰুৰে পৰা ভাৰতৰ সৈতে কোনো শক্তিশালী সম্পৰ্ক নাছিল। তেওঁৰ উত্থান মূলতঃ তেলেগু উদ্যোগৰ পৰা। অভিনয়ৰ উপৰিও তেওঁ কিছুমান ছবিত আইটেম নম্বৰো কৰিছিল। অৱশ্যে বলীউডত কাম কৰিবলৈ নোৰা সদায় আগ্ৰহেৰে বাট চাই আছিল। অৱশ্যে তাৰ বাবে তেওঁ বেছি সময় অপেক্ষা কৰিব নালাগিল।
বিভিন্ন নৃত্যত তেওঁ পাকৈত। বলীউডৰ কেইবাখনো ছবিত ‘আইটেম ছং’ত নৃত্য কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে নোৰাই। টেলিভিছনতেই হওক বা চিনেমাতেই হওক, নোৰাই পৰ্দালৈ আহিলে অনুৰাগীৰ মাজত এক উন্মাদনাৰ সৃষ্টি কৰে। তেওঁৰ শৰীৰৰ আকৃতিত সমগ্ৰ দেশ মুগ্ধ হৈ পৰিছে। তেওঁ এক আকর্ষণীয় শৰীৰৰ অধিকাৰী ৷ কঠোৰ পৰিশ্ৰম নকৰিলে এনে শৰীৰৰ অধিকাৰী হ’ব নোৱাৰে। নোৰাৰ ফিটনেছৰ গোপনীয়তা জানিবলৈ দৰ্শকসকলে অতি আগ্ৰহ প্ৰকাশ কৰি আহিছে ।
বিভিন্ন সাক্ষাৎকাৰত নোৰাই কয় যে নিয়মীয়া নৃত্য অনুশীলনে তেওঁৰ ওজন বর্তাই ৰখাত সহায় কৰে। নৃত্য নোৰাৰ প্ৰিয় ব্যায়াম। তেওঁ দেখা যিকোনো ধৰণৰ নৃত্য আয়ত্ত কৰা। হিপ হপ, আফ্ৰিকান, বেলি ডান্স তেওঁৰ প্ৰিয় নৃত্য শৈলী। নোৰা ‘বেলি ডান্সাৰ’ হিচাপে জনপ্ৰিয়। এই নৃত্যত পেটৰ চৰ্বি হ্ৰাস পায় ৷ গতিকে তেওঁ প্ৰতিদিনে বেলি ডান্সিঙৰ বাবে সময় উলিয়ায়। “পোল ডান্স”ও তেওঁৰ শৰীৰৰ অন্যতম ব্যায়াম। ইয়াৰ উপৰিও তেওঁ মাজে মাজে পিলাটেছও কৰে।
নোৰাই বৰ কঠোৰ খাদ্যাভ্যাস পালন নকৰে। বৰঞ্চ খাদ্যৰ ভাৰসাম্য ৰক্ষা কৰি চলে ৷ দৈনিক খাদ্যত চৰ্বি, কাৰ্বহাইড্ৰেট, প্ৰটিন ৰখা হয়। প্ৰচুৰ পৰিমাণে ফলমূল খোৱা নোৰাই শাক-পাচলিও প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰে । তেওঁলৈ চাই কোনেও ক’ব নোৱাৰে যে নোৰাই পিজ্জা, বাৰ্গাৰ, বিভিন্ন মিঠাই ভাল পায় আৰু খায়।