পুনৰ আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ প্ৰতিযোগিতালৈ নির্বাচিত হৈছে এখন অসমীয়া ছবি ৷ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে সমৰ্পণ নামৰ ছবিখন ৷ চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই নির্মাণ কৰিছে এই ছবিখন ৷
কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰিমিয়াৰত এই চিনেমাখনি প্ৰদৰ্শিত হৈছিল ৷ ইয়াৰ পাছতে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হয় সমৰ্পণ৷ একেদৰে মণিপুৰৰ উত্তৰ-পূব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতাৰ শিতানৰ বাবে চিনেমাখনি নিৰ্বাচিত হৈছে ৷
এটি স্পৰ্শকাতৰ গ্ৰাম্য পৰিবেশক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন ৷ দুৰ্গম গ্ৰাম্য পৰিবেশত মহিলা কেনেদৰে একাংশ লোকৰ হাতত নির্যাতিত হয়, তাক লৈ ছবিখন নির্মাণ কৰা হৈছে ৷নবোমিতা বৰঠাকুৰে প্ৰযোজনা কৰা সমৰ্পণৰ কাহিনী গল্পকাৰ শিবানন্দ কাকতীৰ ৷ অভিনয়ৰ মুখ্য চৰিত্ৰত আছে শিখা হাজৰিকা আৰু অশোক সিং৷ সহযোগীৰ ভূমিকাত সপোনটি বৰদলৈ, মুকুল বৰঠাকুৰ, প্ৰানজিৎ গোস্বামীয়ে অভিনয় কৰিছে ৷