ডাঙৰ পৰ্দাতেই হওক বা সৰু পৰ্দাতো হওক অথবা ৱেব ছিৰিজৰ আগত এই সুপৰিচিত সতৰ্কবাণী দিয়া হয়, ‘ধূমপান স্বাস্থ্যৰ বাবে হানিকাৰক’। কিন্তু ইয়াৰ মাজতে চলমান খানে কৰা এক অতি অস্বাভাৱিক কামে বিতর্কৰ সূচনা কৰিছে ৷ বিগ বছ অ’টিটি খণ্ডত ভাইজানক চিগাৰেট সেৱন কৰি পৰিচালনা কৰা দেখা যায় ! সেই ছবিখন বনজুইৰ দৰে সামাজিক মাধ্যমত বিয়পি পৰিছে ৷
কিছুদিন পূৰ্বে ‘বিগ বছ অ’টিটি’ৰ ঘৰত আকাংক্ষা পুৰী আৰু জাদ হাদিদৰ চুম্বন বিতৰ্কই প্ৰতিযোগী দুগৰাকীক তীক্ষ্ন সমালোচনা কৰিছল ৷ সেই বিষয়ে তেওঁলোকৰ মাজত দীঘলীয়া তৰ্ক হৈছিল। আনকি, প্ৰতিযোগী দুজনক ভাৰতীয় সংস্কাৰ, পাৰিবাৰিক মূল্যবোধৰ ওপৰত নৈতিক শিক্ষা দিছিল চলমানে ৷ কিন্তু অভিনেতাজনৰ এই জঘন্য আচৰণত ক্ষুব্ধ হৈ পৰিছে নেটিজেনসকল। কোনোবাই ছলমান “একদম ভণ্ড” বুলি অভিহিত কৰিছে ৷
আন কোনোবাই “তেওঁ নৈতিকতাৰ বিষয়ে জ্ঞান কেনেকৈ দিব পাৰে বুলি প্ৰশ্ন কৰিছে ? ” কোনোবাই লিখিছে, “বিগ বছৰ ঘৰত তেওঁ সংস্কাৰৰ বিষয়ে জ্ঞান দিয়ে, ই হাস্যকৰ।”আকৌ কেইবাজনো লোকে লিখিছে যিহেতু এয়া টেলিভিছনত হোৱা নাই বৰঞ্চ অ’টিটি হৈছে গতিকে এনে কোনো আইনী জটিলতা নাই। অৱশ্যে ইয়াৰ পূর্বে চলমানক কেতিয়াও মুকলিকৈ ধূমপান কৰা কোনেও দেখা নাছিল ৷ কিন্তি বিগ বছৰ মঞ্চত কিয় এই কাম কৰিলে তাকলৈ চর্চা আৰম্ভ হৈছে ৷ অৱশ্যে চলমান খানৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ প্ৰকাশ কৰা নাই ৷