তিনিটা দশকৰো অধিক সময় ধৰি অভিনয়ৰ সৈতে জড়িত কাজল । বিগত ৩০ বছৰ ধৰি কেমেৰা তেওঁৰ পেছাৰ মাধ্যম, তেওঁৰ অহৰহ সংগী হৈ আহিছে। বলীউডৰ অভিনেত্ৰী কাজলে শেহতীয়াকৈ ডাঙৰ পৰ্দা এৰি অ’টিটি প্লেটফৰ্মৰ জগতখনত ভৰি দিছে। শেহতীয়াকৈ মুক্তি পাইছে তেওঁৰ ৱেব ছিৰিজ ‘দ্য ট্ৰায়েল’। ছবিখনত তেওঁ এজন উকীলৰ চৰিত্ৰত অভিনয় কৰিছে। ছিৰিজখনৰ প্ৰচাৰত ব্যস্ত অভিনেত্ৰীগৰাকী।
শেহতীয়াকৈ ‘দ্য ট্ৰায়েল’ ছিৰিজৰ প্ৰচাৰৰ বাবে এক অনুষ্ঠানত উপস্থিত আছিল কাজল। তাত অভিনেত্ৰীগৰাকীয়ে ফটোগ্ৰাফাৰৰ লগত হোৱা এক ঘটনাৰ বিষয়ে উল্লেখ কৰে ৷ কাজলে অভিযোগ কৰে যে ফটোগ্ৰাফাৰসকলৰ ক্ৰমাৎ বৃদ্ধি পোৱা দৌৰাত্ম্যত তেওঁ বিৰক্ত হৈ পৰিছে। কাজলে ক’লে, “শেহতীয়াকৈ মই বান্দ্ৰালৈ গৈছিলো। মোৰ গাড়ীখন দেখি মোৰ পিছে পিছে বাইকত অহা কেইবাজনো ফটো হাণ্টাৰ। মই যে কোনো পেছাদাৰী কাৰণত তালৈ গৈছিলো এনে নহয়। কিছু ব্যক্তিগত কামো হ’ব পাৰে। এবাৰ আৰম্ভ হ’লে বন্ধ নহয়।”
ইয়াৰ পূৰ্বে কাজলে এটা অনুষ্ঠানত ফটোগ্ৰাফাৰৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল সেই অনুষ্ঠানত তেওঁ উপস্থিত হোৱাৰ পৰাই ফটোগ্ৰাফাৰসকলে তেওঁক ছবিৰ বাবে অনুৰোধ কৰি থাকিল। ফটো উঠিবলৈও সময় দিলে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পিছতো ফটোগ্ৰাফাৰসকলে ফটোৰ বাবে অনুৰোধ জনালে ৷তেতিয়াই কাজল ক্ৰোধান্বিত হৈ পৰে ৷