২০২২ চনৰ শেষৰ ফালে এখন পাকিস্তানী ছবিত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৰণবীৰ কাপুৰে। তেওঁ কয়, শিল্পীৰ কোনো ভৌগোলিক সীমা নাই। সহাৱস্থান আৰু বিনিময় হৈছে ঔদ্যোগিক সমৃদ্ধিৰ মূল চৰ্ত। অৱশ্যে এইবাৰ সেই বক্তব্যৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে ৰণবীৰ সিঙে ৷
শেহতীয়াকৈ তেওঁ পূর্বৰ স্থিতিৰ বিপৰীত স্থিতি গ্ৰহণ কৰি কয় যে তেওঁৰ কথাৰ ভুল ব্যাখ্যা কৰা হৈছে। তেওঁ কোনো ধৰণে বিতৰ্কৰ সৃষ্টি কৰিব বিচৰা নাছিল। যোৱা বছৰ ৰেড ছি চলচ্চিত্ৰ মহোৎসৱত মঞ্চত এই প্ৰশ্ন উত্থাপন কৰিছিল এজন প্ৰবীণ পাকিস্তানী পৰিচালকে। প্ৰডাকচন কোম্পানী অন্য দেশত থাকিলে ৰণবীৰে কাম কৰিবনে? অভিনেতাজনে উত্তৰ দিছিল, “নিশ্চয় মহাশয়। মই ভাবো শিল্পীৰ কোনো ভৌগোলিক সীমা নাই। সহাৱস্থান আৰু বিনিময় হৈছে ঔদ্যোগিক সমৃদ্ধিৰ মূল চৰ্ত। ‘মাওলা জাট’ৰ দৰে কামৰ বাবে আপোনালোকক অভিনন্দন। যোৱা কেইবছৰমানৰ ভিতৰত মই দেখা অত্যন্ত ভাল কামসমূহৰ ই অন্যতম ৷ পাকিস্তানী ছবি এখনৰ অংশ হ’বলৈ পালে ভাল পাম।”
অৱশ্যে এই সপ্তাহত ৰণবীৰৰ মাতত এটা সতৰ্ক সুৰ শুনা গ’ল। ‘তু ঝুঠি মে মক্কাৰ’ৰ প্ৰচাৰৰ সময়ত তেওঁ কয়, “মই ভাবো যে আগৰ সেই বক্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছিল। কাৰণ ইয়াৰ ভুল ব্যাখ্যা কৰা হৈছে। মই যোৱা চলচ্চিত্ৰ মহোৎসৱবোৰত বহু পাকিস্তানী চলচ্চিত্ৰ নিৰ্মাতা আছিল। যেতিয়া তেওঁলোকে সুধিলে, ভাল চিত্ৰনাট্য পালেও সেই দেশত কাম কৰিবলৈ মন নাযায়নে? এটা স্পষ্ট উত্তৰ দিয়ক। বিতৰ্ক সৃষ্টি কৰাটো মোৰ উদ্দেশ্য নাছিল।” ইয়াৰ পূৰ্বেও পাকিস্তানী শিল্পীৰ সৈতে কাম কৰা বুলিও ৰণবীৰে কয়। দেশৰ ছবিও তেওঁ ভাল পায়। তেওঁৰ কয় “উদ্যোগ দেশতকৈ ডাঙৰ নহয়।” অৱশ্যে তেওঁক সদায় শিল্পক শিল্প হিচাপে গ্ৰহণ কৰে ৷
ৰণবীৰে ফাৱাদ খান আৰু মাহিৰা খান অভিনীত ছবি ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ৰ উদাহৰণ তেওঁ প্ৰকাশ কৰিছিল । ২০২২ চনৰ অক্টোবৰ মাহত মুক্তি পোৱা ছবিত অভিনয় কৰা ফাৱাদ আৰু মাহিৰা দুয়োগৰাকীয়ে ভাৰতীয় ছবিত কাম কৰি আহিছে। মাহিৰাক শ্বাহৰুখ খানৰ সৈতে দেখা গৈছিল ‘ৰইছ’ নামৰ ছবিত ৷ ফাৱাদে ‘খুবছুৰ’ আৰু ‘কাপুৰ এণ্ড সন্স’ ছবিত অভিনয় কৰিছিল। যদি সুযোগ দিয়া হয়, তেন্তে ৰণবীৰে এনে এক আদৰ্শ সৃষ্টি কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
শেহতীয়াকৈ লাহোৰত অনুষ্ঠিত পাকিস্তান সাহিত্য মহোৎসৱত জাভেদ আখতাৰে দিয়া ভাষণে আলোড়নৰ সৃষ্টি কৰিছে। গীতিকাৰ-কবিগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ শিল্পীসকলৰ মাজত সু-সম্পৰ্ক বজাই ৰখাৰ স্বাৰ্থত কথাখিনি ক’ব বিচাৰিছিল। অৱশ্যে মুম্বাই আক্ৰমণৰ বাবে পাকিস্তানীৰ ওপৰত আঙুলিয়াই দিয়াৰ বাবে তেওঁ দেশৰ তাৰকাসকলৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ যাৰ বাবে হয়তো ৰণবীৰ সিঙে নিজৰ মন্তব্য সলনি কৰিবলৈ বাধ্য হৈছে ৷