বচ্চন পৰিয়ালৰ মাজত চলি থকা বিবাদে চর্চা লাভ কৰি আহিছে ৷অৱশ্যে এতিয়াও স্পষ্টভাৱে কোনো কথা প্ৰকাশ হোৱা নাই ৷ চর্চিত তথ্য ;অনুসৰি ‘বচ্চন ‘পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনে বেছিভাগ সময় পিতৃৰ ঘৰত থাকিবলৈ লৈছে ৷ ইয়াৰ বাহিৰেও শাহুৱেক জয়া বচ্চন আৰু অভিষেকৰ ভগ্নী শ্বেতা বচ্চনৰ সৈতে ঐশ্বৰ্যৰ সম্পর্ক ফাট মেলা বুলিও কোৱা হৈছে ৷
ইয়াৰ মাজতে এইবাৰ পোহৰলৈ আহিছে নতুন তথ্য। এইবাৰৰ দীপাৱলীত পিতৃ অমিতাভ বচ্চনে কন্যা শ্বেতাক উপহাৰ হিচাপে দিছে তেওঁলোকৰ বাসগৃহ ‘প্ৰতীক্ষা’।
অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰায় বচ্চনে তেওঁক এই বাংলোটো উপহাৰ দিছিল। অভিনেতাৰ প্ৰথম সম্পত্তি বুলি ক’ব পাৰি এই ঘৰটো । এই ঘৰতে অমিতাভ মাক-দেউতাকৰ লগত বাস কৰিছিল। ঘৰটোৰ আছে দুটা ভাগ । এটা অংশৰ আকাৰ ৮৯০.৪৭ বৰ্গফুট। আনটো ৬৭৪ বৰ্গফুট আকাৰৰ ।
খবৰ অনুসৰি এই উপহাৰৰ ডীডত ৮ নৱেম্বৰত স্বাক্ষৰ কৰা হৈছিল। গিফ্ট ডিড ডকুমেণ্টৰ ফটোও পোহৰলৈ আহিছে। এই উপহাৰ ডীডৰ বাবে ৫০.৬৫ লাখ টকাৰ ষ্টাম্প ড্যুটি দিয়া হৈছে বুলিও জনা যায়। অমিতাভ আৰু জয়াই যৌথভাৱে এই বাংলোটো তেওঁলোকৰ কন্যা শ্বেতাক উপহাৰ দিছিল।
এই বাংলোটোৰ দাম প্ৰায় ৫০ কোটি। ইয়াৰ বাবেই বিভাজন ঘটিছে নেকি বচ্চন পৰিয়ালত ৷ এই চর্চাই অব্যাহত আছে বলিউডত ৷ অৱশ্যে কোনো কথা এতিয়াও পোহৰলৈ আহিব দিয়া নাই পৰিয়ালটোৱে ৷