বলীউডৰ এই প্ৰজন্মৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হৈছে ছাৰা খান । আন এগৰাকী ভাৰতীয় ক্ৰিকেট তাৰকা হৈছে শুভমন গিল। দুয়োগৰাকী তাৰকাৰ মাজত প্ৰেমৰ উৰাবাতৰি দীৰ্ঘদিন ধৰি চলি আহিছে বলীউডত। ইমান দিনে ছাৰা আলী খান আৰু শুবমান গিলৰ প্ৰেমৰ সম্পৰ্কৰ জল্পনা-কল্পনা চলি আছিল যদিও এতিয়ালৈকে তেওঁলোকৰ কোনোৱেই এই বিষয়ে মুকলিকৈ কোৱা নাই। ইয়াৰ মাজতে ছাৰা আলী খানে সকলোকে আচৰিত কৰি এইবাৰ বিয়াৰ কথা মুকলিকৈ ক’লে। ছাৰাৰ মতে ক্ৰিকেটাৰক বিয়া কৰাবলৈ তেওঁৰ কোনো সমস্যা নাই।
ছাৰা আলী খান আৰু বিকি কৌশল অভিনীত ছবি ‘জাৰা হটকে জাৰা বচকে’ মাত্ৰ কেইদিনমান পূর্বে মুক্তি পাইছে। সেই ছবিখনৰ প্ৰচাৰ অনুষ্ঠানত ছাৰাইনিজৰ বিবাহৰ বিষয়ে মুকলিকৈ ক’লে। ছাৰাক সোধা হৈছিল, আইতা শৰ্মিলা ঠাকুৰৰ পথ অনুসৰণ কৰি ক্ৰিকেটাৰক বিয়া কৰাবনে? এই প্ৰশ্নৰ উত্তৰ দিবলৈও কুণ্ঠাবোধ নকৰিলে অভিনেত্ৰীগৰাকীয়ে। ছাৰাই কয়-“ ক্ৰিকেটাৰক বিয়া কৰাবলৈ মোৰ কোনো সমস্যা নাই। কিন্তু সঁচা কথা ক’বলৈ গ’লে কাৰো পেছা মোৰ বাবে সকলো নহয়। যদি সেই ব্যক্তিজনৰ মানসিকতা মোৰ লগত মিলি যায়, তেন্তে সেই সম্পৰ্কত আগবাঢ়ি যোৱাটো সম্ভৱ। সেই ব্যক্তিজন পেছাত অভিনেতা, ক্ৰিকেটাৰ বা ব্যৱসায়ী হ’ব পাৰে।“ শুভমন গিলৰ সৈতে সম্পৰ্কৰ উৰাবাতৰিৰ বিষয়ে সোধাত ছাৰাই দাবী কৰে যে তেওঁ এতিয়ালৈকে নিজৰ হৃদয়ৰ ব্যক্তিজনক লগ পোৱা নাই।
ছাৰা আৰু শুভমনৰ প্ৰেমৰ খবৰ বলীউডত নতুন নহয়। দুই তাৰকাক কেইবাবাৰো একেলগে দেখা গৈছে। যদিও ছাৰা বা শুভমন দুয়োজনেই তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱাভাৱে কোনো কথা কোৱা নাই। কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰিছিল। তেতিয়াৰ পৰাই ছাৰা আৰু শুভমনৰ সম্পৰ্ক ছিন্নভিন্ন হৈ পৰিছে বুলি চর্চা চলিছে ।