এগৰাকী প্ৰাক্তন মিছ ইউনিভার্চ। বলীউডৰ বিখ্যাত অভিনেত্ৰীও তেওঁ । হয়, আমি ক’ব বিচাৰিছো জনপ্ৰিয় অভিনেত্ৰী সুস্মিতা সেনৰ কথা ৷ বহু সময়ত প্ৰেমৰ সম্পর্কক লৈ চর্চালৈ আহে সুস্মিতা ৷ কিন্তু তেওঁ কাৰো সৈতে বিবাহপাশত আৱদ্ধ নহ’ল ৷ নিজৰমতে জীৱনটো অতিবাহিত কৰিলে ৷ । ৰেনে আৰু আলিছা নামৰ দুগৰাকী কন্যা দত্তক লৈছিল তেওঁ । এগৰাকীৰ বয়স এতিয়া ২৩, আনগৰাকীৰ বয়স ১৪। ইতিমধ্যে মনোৰঞ্জনৰ জগতখনত ভৰি দিছে ৰেনেই। উচ্চ শিক্ষাৰ বাবে বিদেশত আছে আলিশা। সুস্মিতাই দুগৰাকী কন্যা সন্তানক এককভাৱে ডাঙৰ-দীঘল কৰিলে। দুগৰাকী কন্যা সন্তান ডাঙৰ-দীঘল কৰাৰ সময়ত তেওঁ কেতিয়াও পুৰুষ সংগীৰ অভাৱ অনুভৱ কৰা নাছিলনে ? প্ৰেমৰ সম্পর্কৰ পাছত কেতিয়াও বিবাহপাশত আৱদ্ধ হ’ব বিচৰা নাছিলনে ? অলপতে এক সাক্ষাৎকাৰত সুস্মিতাই এই প্ৰশ্নৰ উত্তৰ দিছে ৷ তেওঁ কয় যে দুয়োগৰাকী কন্যাৰ মতানৈক্যৰ বাবে তেওঁ কেতিয়াও বিবাহৰ কথা চিন্তা নকৰিলে ৷
শেহতীয়াকৈ এক সাক্ষাৎকাৰত সুস্মিতাই প্ৰেম, বিবাহ আৰু দুগৰাকী কন্যাৰ জীৱনত পিতৃৰ অভাৱৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে । অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে কেইবাবাৰো প্ৰেমত পৰাৰ পিছতো বিয়া হ’ব পৰা নাছিল কাৰণ তেওঁৰ দুয়োগৰাকী কন্যা কেতিয়াও একমত হোৱা নাছিল। সুস্মিতাই প্ৰকাশ কৰা অনুসৰি তেওঁৰ কন্যা সন্তান দুগৰাকীয়ে তেওঁক স্পষ্টকৈ কৈছিল যে তেওঁলোকে পিতৃৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে, গতিকে তেওঁলোকৰ জীৱনত পিতৃৰ প্ৰয়োজন নাই। সুস্মিতাই কয় – “অকলশৰীয়া মাতৃৰ সন্তানে অলপ পিতৃহীন অনুভৱ কৰাটো এটা অতি সাধাৰণ ধাৰণা। কিন্তু কথাটো সেইটো নহয়। শিশুৰ জীৱনত পিতৃ থকাটো নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। কিন্তু জীৱনত কেতিয়াও নোপোৱা বস্তুৰ আমি কেতিয়াও অভাৱ অনুভৱ নকৰো। পিতৃৰ ক্ষেত্ৰতো এই একেই কথা প্ৰযোজ্য ।“ তেওঁ কয় “মোৰ দেউতা মোৰ দুই ছোৱালীৰ ককা। যেতিয়াই দেউতাকৰ দৰে কাৰোবাৰ প্ৰয়োজন হয় তেতিয়াই ককাকৰ ওচৰলৈ যায়।”
২৪ বছৰ বয়সত সুস্মিতাই ৰেনেক দত্তক লৈছিল। এতিয়া ৰেনে ২৩ বছৰীয়া যুৱতী। ২০১০ চনত দ্বিতীয় সন্তান দত্তক লৈছিল সুস্মিতাই। আলিছাৰ বয়স এতিয়া ১৪ বছৰ। সুস্মিতাৰ এতিয়ালৈকে বিয়াৰ কোনো পৰিকল্পনা নাই। কিন্তু প্ৰেমৰ সম্পর্কলৈ আহিবনে ? সুস্মিতাৰ উত্তৰ “কোনোৱে কেতিয়াও প্ৰেমক না বুলি নকয়!”