অক্ষয় কুমাৰৰ ছবি ওএমজি (অহ মাই গড) ২০১২ চনত মুক্তি লাভ কৰিছিল। ১১ বছৰৰ মূৰত মুক্তি পাবলৈ গৈ আছে দ্বিতীয়খন ছবি ‘ওএমজি২’। শেহতীয়াকৈ মুক্তি পালে ছবিখনৰ প্ৰথম টিজাৰ। অহা ১১ আগষ্টত মুক্তি পাব অক্ষয়ৰ ছবিখন। কিন্তু তাৰ আগতে ‘ওএমজি২’ৰ এক ডাঙৰ উজুটি খালে । ছবিখন মুক্তিৰ মাত্ৰ এমাহ পূৰ্বে চেঞ্চৰ ব’র্ডে স্থগিতাদেশৰ নিৰ্দেশ দিছে। চেন্সৰ ব’ৰ্ডে ছবিখনৰ সকলো দিশ বিবেচনা নকৰাকৈ অনুমতি দিবলৈ অনিচ্ছুক।
এই অতিৰিক্ত সতৰ্কবাণী কিয়? ‘আদিপুৰুষ’ ছবিখন মুক্তি পোৱাৰ পিছতে ছবিখনক লৈ বিতৰ্ক আৰম্ভ হয়। চৰিত্ৰৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি ছবিখনৰ সংলাপলৈকে দৰ্শকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হয়। তদুপৰি ‘আদিপুৰুষ’ হিন্দু মহাকাব্য ৰামায়ণৰ আধুনিকীকৃত সংস্কৰণ হোৱাৰ বাবে সেই অসন্তুষ্টি প্ৰতিবাদলৈ পৰিণত হ’বলৈ বেছি সময় নালাগিল। এনে ছবিক ক্লিয়াৰেন্স দিয়াৰ বাবেও চেন্সৰ ব’ৰ্ড তীব্ৰ সমালোচনা আৰু ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশেষত ছবিখনৰ কিছু সংলাপ সলনি কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হ’ল। ‘আদিপুৰুষ’ৰ সৈতে এনে অভিজ্ঞতাৰ পাছত চেঞ্চৰ ব’ৰ্ডে ইয়াৰ পুনৰাবৃত্তি হোৱাতো নিবিচাৰে। গতিকে ‘ওএমজি২’ ৰ দৰে ছবি এখনক ক্লিয়াৰেন্স দিয়াৰ ক্ষেত্ৰত ব’ৰ্ডে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিছে।
‘ওএমজি’ত ভগৱান কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত ‘ওএমজি২’ত মহাদেৱৰ চৰিত্ৰত অক্ষয় কুমাৰক দেখা যাব। শেহতীয়াকৈ অক্ষয়ৰ লুকটোও পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল। সেই ভিডিঅ’টোত অক্ষয়ক মহাদেৱৰ সাজ-পোছাকত দেখা গৈছিল । চিনেমাখনৰ দেৱ-দেৱীৰ চৰিত্ৰায়ন আৰু ধৰ্মৰ লগত জড়িত বিষয়টো ইমানেই মৰ্মস্পৰ্শী। সাধাৰণ দৰ্শকৰ আৱেগক কোনো ধৰণে আঘাত দিব নালাগে বুলি ভাবি এইবাৰ অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিছে চেন্সৰ ব’ৰ্ডে।