বিগত বছৰসমূহত বলিউডৰ ছুপাৰষ্টাৰৰ ছবিত আন এজন আন এজন ছুপাৰষ্টাৰক কেমিঅ’ ৰ’লত দেখা গৈছে । ইয়াৰ উদাহৰণ হৈছে ‘পাঠান’ বা ‘টাইগাৰ ৩’। প্ৰথমখন ছবিৰ মুখ্য চৰিত্ৰত শ্বাহৰুখ খান, অতিথি হিচাপে আছিল ছলমান। দ্বিতীয় ছবিখনত ইয়াৰ বিপৰীত। তেতিয়াৰ পৰাই ‘টাইগাৰ বনাম পাঠান’ ছবিক লৈ চর্চা আৰম্ভ হৈছে ৷ দৰ্শকে ছুপাৰষ্টাৰ দুয়োজনক একেলগে ডাঙৰ পৰ্দাত চাবলৈ অপেক্ষা কৰি আছে ৷ কিন্তু প্ৰকাশিত বাতৰি অনুসৰি দেশৰ আন দুগৰাকী ছুপাৰষ্টাৰক একেলগে পৰ্দাত উপস্থাপন কৰাৰ পৰিকল্পনা অব্যাহত আছে। পটভূমিত আছে ‘জোৱান’ৰ বিখ্যাত পৰিচালক এটলী।
‘জোৱান’ৰ সফলতাৰ পিছত এটলীয়ে নতুন এক পৰিকল্পনা কৰিছে বুলি খবৰ ওলাইছে। চর্চা অনুসৰি পৰিচালকে ছলমান খান আৰু ৰজনীকান্তক তেওঁৰ পৰৱৰ্তী ছবিত একেলগে ৰাখিব বিচাৰিছে। ছবিখন একচনধর্মী ছবি । অহা মাহত এই ছবিখনৰ সন্দৰ্ভত অভিনেতা দুগৰাকীৰ সৈতে চূড়ান্ত বৈঠক হ’ব এটলীৰ।
বিগত দুবছৰ ধৰি ছলমানৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত আছে এটলীয়ে। তাৰোপৰি ৰজনীকান্তৰ লগতো তেওঁৰ খুব ঘনিষ্ঠ। সূত্ৰ অনুসৰি দুয়োজন অভিনেতাই প্ৰাৰম্ভিক পৰ্যায়ত সন্মতি দিছে। অৱশ্যে ছবিখনৰ চিত্ৰনাট্যৰ ক্ষেত্ৰত এতিয়াও বহু কাম বাকী আছে। এই ছবিখনৰ বাজেট ‘জৱান’তকৈও বেছি বুলিও জানিব পৰা গৈছে ৷ সূত্ৰসমূহে দাবী কৰিছে যে ছলমান-ৰজনীকান্তই যদি একেলগে এখন ছবি কৰে তেন্তে নিৰ্মাতাসকলে বাজেটত কোনো ধৰণৰ আপোচ নকৰাটো নিশ্চিত।
এই মুহূৰ্তত ছলমান ব্যস্ত ‘চিকন্দৰ’ৰ শ্বুটিঙত। আনহাতে, ‘কুলি’ৰ শ্বুটিং শেষ কৰিব ৰজনীকান্তে। শুনা গৈছে যে অভিনেতা দুজনে যদি সময় দিয়ে তেন্তে অহা বছৰ এটলীয়ে তেওঁৰ ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব।