জয়া আখটাৰৰ চলচ্চিত্ৰ ‘জী লে জাৰা’ৰ যোগে দৰ্শকে এইবাৰ একেলগে দেখিবলৈ পাব বলিউডৰ তিনি শীৰ্ষ তথা মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা, কেটৰিনা কাইফ আৰু আলিয়া ভাটক ৷
বলীউডৰ জনপ্ৰিয় চলচিত্ৰ পৰিচালক ফাৰহান আখটাৰে এই বছৰৰ আৰম্ভণিতে অভিনেত্ৰী আলিয়া ভাট, কেটৰিনা কাইফ আৰু প্ৰিয়ংকা চোপ্ৰাৰ সৈতে ‘জী লে জাৰা’ৰ কথা ঘোষণা কৰাৰ লগে লগে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি হৈছিল।
চলচ্চিত্ৰখনৰ যোগেদি ফাৰহান আখটাৰ পুনৰ পৰিচালনালৈ উভতি অহাটো নিশ্চিত কৰিব ৷ আনহাতে বলিউডত সৰ্ব প্ৰথম বাৰৰ বাবে মহিলাৰ ভ্ৰমণকাহিনীৰ আধাৰত এখন বোলছবি নিৰ্মাণ কৰা হ’ব। এই কথা পোহৰলৈ অহাৰ লগে লগেই ভট্ট, কাইফ আৰু চোপ্ৰাক প্ৰথমবাৰৰ বাবে একেটা ফ্ৰেমত চাবলৈ ৰাইজ উদগ্ৰীৱ হৈ আছে ৷
আনহাতে ছবিখনৰ লেখিকা জয়া আখটাৰে এই কথা প্ৰকাশ কৰিছে যে কেনেকৈ তিনিগৰাকী অভিনেত্ৰী ছবিখনৰ বাবে ব’ৰ্ডলৈ আহিছিল।তেওঁ ফিল্ম কম্পেনিয়ানক কৈছিল যে অভিনেত্ৰীসকলে তেওঁৰ সৈতে যোগাযোগ কৰিছিল আৰু একেলগে এখন চলচ্চিত্ৰত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। অভিনেত্ৰীকেইগৰাকীয়ে জয়া আখটাৰৰ সৈতে যোগাযোগ কৰাৰ সময়ত তেওঁলোক অজ্ঞাত আছিল যে ফাৰহান আখটাৰেও সেই সময়ত একে ধৰণৰ ধাৰণাই কৰিছিল।
কলাকুশলী তথা চলচ্চিত্ৰ নিৰ্মাতাকে আদি কৰি সকলো চলচিত্ৰ প্ৰেমীয়েই এতিয়া ‘জী লে জাৰা’ৰ বাবে অধীৰ উৎকণ্ঠাৰে বাট চাইছে ৷ চলচিত্ৰ নিৰ্মাতা গৰাকীও ছবিখনক লৈ যথেষ্ট উৎসাহিত ৷ বলিউড জগতৰ তিনিগৰাকী মোহময়ী অভিনেত্ৰীৰ আকৰ্ষণীয় ব্যক্তিত্ব ,শক্তিশালী অভিনয়ে আশ্চৰ্যজনক ভাৱে ‘জী লে জাৰা’ক এক সুকীয়া মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব