বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ ককাদেউতাক আছিল ৰঞ্জিত দত্ত ৷ যাৰ ফটো বৰ্তমান সময়ত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
বলীউডত এনে বহুতো অভিনেতা আছে যাৰ পূৰ্বপুৰুষসকলক আমি নাজানো ৷ কিন্তু বিশ্বলৈ তেওঁলোকৰ অৱদান অতি গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ, অভিনেতা টাইগাৰ শ্ৰফৰ মাতৃয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ দেউতাক ৰঞ্জিত দত্তক স্মৰণ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত তেওঁ তেওঁৰ দেউতাকৰ কিছুমান বিৰল ফটো শ্বেয়াৰ কৰিছে।
টাইগাৰ শ্ৰফৰ ককাদেউতাক আছিল এয়াৰ ভাইচ মাৰ্শ্বেল ৰঞ্জিত দত্ত ৷ তেখেতৰ জন্ম হৈছিল ১৯২২ চনত। তেওঁ ‘ইণ্ডিয়ান মিলিটাৰী কলেজ’ (ডেৰাডুন)ত অধ্যয়ন কৰিছিল যি সেই সময়ত আছিল প্ৰিন্স অফ ৱেলছৰ বিদ্যালয় বৰ্তমান যাক ‘ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়’ বুলি নামাকৰণ কৰা হৈছে। তেওঁ ১৬ বছৰ বয়সতে তেওঁ মনে মনে উৰা মাৰিবলৈ শিকিছিল। যাৰ পিছত তেওঁ ‘এ’ গ্ৰেডৰ অনুজ্ঞাপত্ৰ লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপলৈ প্ৰেৰণ কৰা সেইসময়ৰ কেইজনমান পাইলটৰ মাজৰ এজন আছিল ৰঞ্জিত।
কৰ্মজীৱনত ৰঞ্জিতে বিশ্বযুদ্ধত বহুতো আইকনিক বিমান উৰুৱাইছিল। তেওঁ বাৰ্মা আৰু কাশ্মীৰতো তেওঁৰ সেৱা আগবঢ়াইছে। ভাৰতৰ স্বাধীনতাৰ পিছত, তেওঁ জ্যেষ্ঠ পদত অধিষ্ঠিত হৈ ভাৰতৰ সেৱা আগবঢ়াইছিল।ৰঞ্জিত সেই সময়ৰ অন্যতম জনপ্ৰিয় পাইলট আছিল। কৰ্মজীৱনত তেওঁ কেৱল ভাৰততে নহয়, বিদেশতো সেৱা আগবঢ়াইছিল। সেই সময়ছোৱাত, তেওঁ জৱাহৰলাল নেহৰু, ভি.কে. কৃষ্ণ মেনন, ডগলাছ বেডাৰ, ৰোলেণ্ড বেমন্ট আৰু কুৰ্ট টেংকৰ দৰে বহুতো বিখ্যাত লোকৰ সৈতে কাম কৰিছে।