বলীউডৰ অন্যতম ফিটনেছ সচেতন নায়ক টাইগাৰ শ্ৰফ। বলীউডত জেকী-পুত্ৰই ‘হিৰোপন্তি’ ছবিৰ জৰিয়তে চিনাকি লাভ কৰে । ১০ বছৰীয়া কেৰিয়াৰত তেওঁৰ কেইবাখনো হিট ছবি আছে ৷ বৰ্তমান তেওঁৰ উপার্জনো যথেষ্ট ৷ চিনেমাৰ পৰা উপাৰ্জন কৰা ধন মাটি আৰু ঘৰ কিনি বিনিয়োগ কৰিছিল অভিনেতাজনে। শেহতীয়াকৈ পুনেৰ অভিজাত এলেকাত প্ৰায় ৪৫০০ বৰ্গফুটৰ এটা ঘৰ প্ৰায় ৭.৫ কোটি টকাত ক্ৰয় কৰিছে টাইগাৰে । ক্ৰয় কৰাৰ পাছতে টাইগাৰে ঘৰটো ভাড়ালৈ দিয়ে ৷
পৰৱর্তী পাঁচ বছৰৰ বাবে প্ৰতিমাহে প্ৰায় ৩.২৫ লাখ টকাৰ বিনিময়ত এই ঘৰটো ভাড়ালৈ দিয়ে অভিনেতাগৰাকীয়ে। টাইগাৰে অগ্ৰিম ধন হিচাপে লাভ কৰিছে প্ৰায় ১৪ লাখ টকা। কিন্তু পুনেৰ এই নতুনকৈ কিনা ঘৰটোৰ বাহিৰেও মুম্বাইৰ খাৰ অঞ্চলত তেওঁৰ এটা আঠটা কোঠাৰ ফ্লেট আছে। যাৰ দাম প্ৰায় ৩৫ কোটি টকা। অভিনেতাগৰাকীয়ে সেই ফ্লেটটোত পিতৃ-মাতৃৰ সৈতে বাস কৰে । এই মুহূৰ্তত তেওঁ নিজৰ আগন্তুক ছবি ‘বড়ে মিয়া ছোটে মিয়া’ৰ প্ৰচাৰত ব্যস্ত। টাইগাৰৰ এই ছবিখন ১০ এপ্ৰিলত মুক্তি পাব ৷