সামাজিক মাধ্যম ফেচবুকত ‘তৰাজ হাজবেণ্ড’ছবিখনৰ প্ৰথম খন পোষ্টাৰ শ্বেয়াৰ কৰি মনৰ ভাৱ প্ৰকাশ কৰিলে চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে! আনহাতে টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰৰ বাবে নিৰ্বাচিত হোৱা ছবিখনৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক গৰাকীয়ে।
ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে ২০১৭ চনত “ভিলেজ ৰকষ্টাৰ্ছ” আৰু ২০১৮ চনত “বুলবুল কেন ছিং”ৰ পিছত এই বছৰ ‘তৰাজ হাজবেণ্ড’ৰ সৈতে তৃতীয়বাৰৰ বাবে টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উপস্থিত হ’বলৈ সক্ষম হৈছে।
“তৰাজ হাজবেণ্ড’’ ছবিখনে সাধাৰণ লোকসকলৰ জীৱন কাহিনীক প্ৰতিফলিত কৰিছে যাৰ জীৱন আৰু জীৱিকা মহামাৰীৰ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱিত হৈছে কিন্তু তথাপিও তেওঁলোকে আগবাঢ়ি থাকিব লাগিব । ৰীমা দাসে এই সন্দৰ্ভত কয় যে তেওঁৰ পৰিয়াল মহামাৰীৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হোৱা নাছিল যদিও এক ভয় আৰু অস্থিৰতাত ভূগিছিল তেওঁলোকে। তেওঁ এই সময়ছোৱাত নিজৰ দেউতাকক হেৰুৱাইছিল অৱশ্যে তেওঁ ক’ভিডত আক্ৰান্ত হোৱা নাছিল যদিও ই এক অপূৰণীয় ক্ষতি আছিল তেওঁৰ বাবে ৷
বৰ্তমান সময়ত দাস ভাৰতীয় চলচ্চিত্ৰৰ এনে এগৰাকী মহিলা যিয়ে নিজে চলচ্চিত্ৰ লিখা, দৃশ্যগ্ৰহণ কৰা, পৰিচালনা, সম্পাদনা কৰাকে আদি কৰি নিজে প্ৰযোজনাও কৰে।
তেওঁ এইবাৰ প্ৰযোজনা,পৰিচালনা কৰা ‘তৰাজ হাজবেণ্ড’ নামৰ নতুন ছবিখনত নায়কজনে স্থানীয় লোকসকলক এখন বেকাৰী আৰু ৰেষ্টুৰেণ্টৰ জৰিয়তে চাকৰিত ৰাখিবলৈ যথেষ্ট প্ৰচেষ্টা কৰে । ছবিখন সন্দৰ্ভত ৰীমা দাসে কয় যে অসমৰ বেছিভাগ লোক খিলঞ্জীয়া লোক। তেওঁলোকৰ এটা সৰল জীৱন আছে যি প্ৰকৃতি কেন্দ্ৰীক, সেয়েহে তেওঁলোকে নদী, অৰণ্য, পাহাৰ আদিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ উপৰিও বাকী সকল হৈছে কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী যিসকলে দৈনিক জীৱিকা অৰ্জন কৰিব লাগে। গতিকে মানুহে কাম কৰি থকাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে চবিখনত তেওঁৰ নায়কজনে বুজি পাইছে যে তেওঁৰ কৰ্মচাৰীসকলে তেওঁলোকৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে তেওঁলোকৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেয়েহে তেওঁ লোকসকল নিযুক্তিপ্ৰাপ্ত হৈ থকাটো চাবলৈ এক সচেতন প্ৰয়াস কৰে।
টৰণ্টো, য’ৰ পৰা “ভিলেজ ৰকষ্টাৰ্ছ”ৰ যাত্ৰা আৰম্ভ হৈছিল আৰু অৱশেষত ছবিখনে ভাৰতৰ হৈ অস্কাৰত প্ৰৱেশ আছিল, চলচ্চিত্ৰ নিৰ্মাতা গৰাকীৰ বাবে ই এক গুৰুত্বপূৰ্ণ স্থান।
দাসৰ মতে টিআইএফএফ হৈছে বিশ্বৰ আটাইতকৈ সন্মানীয় আৰু বৃহৎ ৰাজহুৱা চলচ্চিত্ৰ মহোৎসৱ, য’ত বৃহৎ আৰু বৈচিত্ৰ্যপূৰ্ণ দৰ্শক, বিশিষ্ট শিল্পী আৰু সাংবাদিক, ক্ৰেতা আৰু বিক্ৰেতা আছে। এইখন সেই ঠাই য’ৰ পৰা ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ যাত্ৰা আৰম্ভ হৈছিল। “তৰাজ হাজবেণ্ড’’ ছবিখনে টিআইএফএফত স্থান লাভ কৰাৰ লগতে প্লেটফৰ্ম শাখাত প্ৰতিদ্বন্দিতা কৰিবলৈ অগ্ৰসৰ হোৱাৰ বাবে তেওঁ যথেষ্ট সুখী । তেওঁৰ বাবে ই এক ডাঙৰ সন্মান। এইখন তেওঁৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ চলচ্চিত্ৰ আছিল আৰু চলচ্চিত্ৰখনে টিআইএফএফত স্থান পোৱাটোৱে তেওঁৰ মনোবল বৃদ্ধি কৰিছে ৷