মধ্যপ্ৰদেশৰ ইন্দোৰত চাৰা আলি খান আৰু বিকি কৌশল অভিনীত ছবি ‘লুকা ছুপী ২’ৰ দৃশ্যগ্ৰহণ চলি থকাৰ সময়তে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মংগলবাৰে ক্ৰিচিয়ান কলেজলৈ পৰীক্ষা দিবলৈ অহা ছাত্ৰ-ছাত্ৰীয়ে চিনেমা খনৰ দৃশ্যগ্ৰহণক লৈ কলেজৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ছাত্ৰ ছাত্ৰী সকলে জানিবলৈ দিয়া মতে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত তেওঁলোকক বাধা আৰোপ কৰা হৈছিল ৷ কিন্তু কলেজ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে চিনেমা খনৰ দৃশ্যগ্ৰহণ বেলেগ বিল্ডিঙত হৈছিল আৰু পৰীক্ষা অনুষ্ঠিত হৈছিল আন এটা বিল্ডিঙতহে আৰু পৰীক্ষাৰ্থী সকলক এই ক্ষেত্ৰত কাৰো ফালৰ পৰাই কোনো ধৰণৰ বাধা আৰোপ কৰা হোৱা নাছিল ৷ লগতে পৰীক্ষাৰ মাজতে কলেজ খনত দৃশ্যগ্ৰহণৰ কামো সুন্দৰকৈ চলি আছে বুলি জানিবলৈ দিয়ে কলেজ কৰ্তৃপক্ষই ৷ তেওঁলোকে জানিবলৈ দিয়ে যে সেই সময়ত বিকি কৌশল আৰু চাৰা আলি খানো কলেজখনত উপস্থিত আছিল ৷
কিন্তু পৰীক্ষাৰ্থী সকলৰ মতে কলেজৰ ভিতৰত চিনেমাখনৰ দৃশ্যগ্ৰহণ চলি আছিল আৰু সেই কাৰণেই তেওঁলোকক পৰীক্ষা দিবলৈ বাধা প্ৰদান কৰা হৈছিল ৷ পৰীক্ষা দিবলৈ অহাৰ সময়ত তেওঁলোকক কলেজৰ ভিতৰলৈ যাবলৈ দিয়া হোৱা নাছিল ৷ সেয়েহে ছাত্ৰ-ছাত্ৰী সকলে কলেজৰ বাহিৰত ইয়াৰ তীব্ৰ বিৰোধিতা কৰি হুলস্থুলিয়া পৰিবেশৰ সৃ্ষ্টি কৰে ৷ ইফালে কলেজ পৰিচালনা সমিতিয়ে কয় যে চিনেমাখনৰ দৃশ্যগ্ৰহণৰ বাবে অহা দলটো ৰাতিপুৱাই কলেজত উপস্থিত হৈছিল আনহাতে ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল দুপৰীয়া ৷
কিন্তু পৰীক্ষাৰ্থী সকলৰ মতে পৰিক্ষাৰ সময়ত কলেজত চিনেমাৰ শ্বুটিং হোৱাৰ বাবে পৰীক্ষাত বহিবলৈ যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছিল তেওঁলোক