ক’ভিডৰ পাছৰ পৰা ৱেবছিৰিজৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে ৷ চিনেমাহললৈ যোৱাৰ পৰিৱর্তে মোবাইলতে ৱেবচিৰিছ চাবলৈ পচণ্ড কৰে ৷ নেটফ্লিক্সৰ তথ্য অনুসৰি বিশ্বজুৰি ভাৰতীয় কন্টেন্টৰ দৰ্শকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। চিনেমা হওক বা কমেডী শ্ব’ হওক সকলোৰে জনপ্ৰিয়তা বাঢ়িবলৈ লৈছে । দৰ্শকৰ মাজত সৰ্বাধিক চাহিদা থকা ২০২৪ চনৰ শীৰ্ষ ১০খন ভাৰতীয় চিনেমাৰ তালিকা প্ৰকাশ কৰিছে অ’টিটি প্লেটফৰ্মে। দেখা যায় যে কপিল শৰ্মাৰ কমেডী শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ই বিশ্ব তালিকাৰ শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে। কেৱল সেয়াই নহয়, বৰ্তমান ছবিগৃহত ফ্লপ হোৱা অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ ছবি বড়ে মিয়া ছোটে মিয়া বিশ্বজুৰি অ’টিটি প্লেটফ’র্মত জনপ্ৰিয়তা লাভ কৰিছে ৷ অইংৰাজী ভাষাৰ শীৰ্ষ ১০ খন ছবিৰ তালিকাত আছে এই ছবিখন। যোৱা কেইদিনমানৰ পৰা এই ছবিখনৰ দৰ্শকৰ সংখ্যা বৃদ্ধি পাইছে ৷
আচলতে সমগ্ৰ বিশ্বতে ভাৰতীয় কন্টেন্টৰ দৰ্শক বৃদ্ধি পাইছে। বৰ্তমান নেটফ্লিক্সত সৰ্বাধিক চোৱা ভাৰতীয় চিনেমা হ’ল কৰীনা কাপুৰ খান, কৃতি শ্বেনন আৰু টাবুৰ ‘ক্ৰু’। এই পৰ্যন্ত ১ কোটি ৭৯ লাখ লোকে এই ছবিখন উপভোগ কৰিছে । ইয়াৰ পিছত আছে কিৰণ ৰাওৰ ‘লাপটা লেডিজ’ নামৰ ছবিখন । ২৪ এপ্ৰিলত মুক্তি পোৱা এই ছবিখন এতিয়ালৈকে প্লেটফৰ্মত ১ কোটি ৭১ লাখ লোকে উপভোগ কৰিছে ৷ বহুতে অনুভৱ কৰে যে কেইদিনমানৰ ভিতৰতে ‘লাপাটা লেডিজ’-এ শীৰ্ষ স্থান দখল কৰিব পাৰে।
‘বড়ে মিয়াছোটে মিয়া’ৰ দৰ্শকো ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মুক্তিৰ দ্বিতীয় সপ্তাহত ছবিখনৰ দৰ্শকৰ সংখ্যা ১৭৬ শতাংশ বৃদ্ধি পাইছে। এই ছবিখনৰ দর্শকৰ সংখ্যা মাত্ৰ ২৯ লাখ দৰ্শকৰ পৰা ৮০ লাখলৈ বৃদ্ধি পাইছে।