আজি ডাঙৰ পৰ্দাত মুক্তিলাভ কৰিলে পৰিচালক লোকেশ কানাগাৰাজৰ দ্বাৰা পৰিচালিত ছবি ‘বিক্ৰম’এ ৷ সমগ্ৰ তামিলনাডুত সেয়ে আজি পুৱা ৪ বজাৰ পৰাই ছবিখন চাবলৈ হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ লগালে ছবিগৃহত ৷ ছবিখনত জনপ্ৰিয় তথা শক্তিশালী অভিনেতা কমল হাছান, বিজয় সেতুপতি আৰু ফাহাদ ফাচিলৰ অভিনয়ে আপ্লুত কৰিলে দৰ্শকক ৷
প্ৰাৰম্ভিক পৰ্যালোচনা অনুসৰি কমল হাছান, বিজয় সেতুপতি আৰু ফাহাদ ফাচিলৰ উজ্জ্বল প্ৰদৰ্শনেৰে সম্পূৰ্ণৰূপে আকৰ্ষণীয় হৈ পৰিছে ‘বিক্ৰম’ ৷ আনহাতে সুৰিয়াৰ কেমিঅ’ৰ দ্বাৰা অভিভূত দৰ্শক ।লোকেশ কানাগাৰাজৰ দ্বাৰা পৰিচালিত ছবিগৃহত আজি মুক্তি লাভ কৰা একচন এণ্টাৰটেইনাৰ ‘বিক্ৰম’ চলচ্চিত্ৰখন ২০২২ চনৰ আটাইতকৈ প্ৰত্যাশিত ফ্লিকসমূহৰ ভিতৰত অন্যতম।
‘বিক্ৰমে’ ৰাতিপুৱা মুক্তি লাভ কৰাৰ পিছতেই অনুৰাগীসকলে ছবিখনৰ বিষয়ে প্ৰশংসাসূচক মন্তব্যৰে তোলপাৰ লগাইছে সামাজিক মাধ্যমতো। বহু শুভাকাংক্ষীয়ে ‘বিক্ৰম’ক এজন শ্ৰেষ্ঠ একচন মনোৰঞ্জনকাৰী বুলি অভিহিত কৰিছে। আনহাতে আকৌ বহুতে কমল হাছান, বিজয় সেতুপতি আৰু ফাহাদ ফাচিলৰ প্ৰদৰ্শনক প্ৰশংসা কৰিছে যদিও সুৰিয়াৰ কেমিঅ’ৰ দ্বাৰা শক্তিশালীভাৱে প্ৰভাৱিত হৈছে বহু অনুৰাগী ।