বলীউডৰ প্ৰত্যাশিত ছবিসমূহৰ অন্যতম বিক্ৰম বেধা মুক্তিৰ বাবে ব্যাপক পৰিকল্পনা গ্ৰহণ কৰিছে নির্মাতাই ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ঋত্বিক ৰৌচন আৰু ছৈফ আলী খানে ৷ এই ছবিখন পৰিচালনা কৰিছে পুষ্কৰ আৰু গায়ত্ৰীয়ে।
একচন থ্ৰিলাৰ ছবিখন ১০০ খনতকৈও অধিক দেশত মুক্তি দিয়া হ’ব ৷ ছবিখনত ৰাধিকা আপ্তেই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ লেখক-পৰিচালক পুষ্কৰ আৰু গায়ত্ৰীৰ দ্বাৰা পৰিচালিত এই ছবিখন ভাৰতীয় লোককথা “বিক্ৰম আৰু বেতাল”ৰ আধাৰত নিৰ্মিত এখন একচন থ্ৰিলাৰ। ইয়াত এজন কঠোৰ আৰক্ষী বিষয়া বিক্ৰম (খান)ৰ কাহিনী চিত্ৰায়িত কৰা হৈছে ৷ এই আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ছৈফ আলী খানে ৷ আনহাতে গেংষ্টাৰ ভেধা চৰিত্ৰত অভিনয় কৰিছে ঋত্বিকে ৷
টি-চিৰিজ আৰু ৰিলায়েন্স এণ্টাৰটেইনমেণ্টে ফ্ৰাইডে ফিল্মৱৰ্কছ, জিঅ’ ষ্টুডিঅ’ আৰু ৱাইএনঅ’টি ষ্টুডিঅ’ৰ সৈতে সহযোগিতাৰে প্ৰযোজনা কৰিছে ছবিখন। প্ৰযোজকসকলৰ ভিতৰত আছে এছ শশিকান্ত আৰু ভূষণ কুমাৰ। ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় বিতৰণৰ বাবে ৰিলায়েন্স এণ্টাৰটেইনমেণ্টে হোম স্ক্ৰীণ এণ্টাৰটেইনমেণ্টৰ সৈতে সহযোগিতা কৰিছে। ২০১৭ চনৰ তামিল ভাষাৰ হিট ছবি “বিক্ৰম বেধা”ৰ পুনৰ্নিৰ্মাণ কৰা হৈছে ৷ ছবিখনত মাধৱন আৰু বিজয় সেতুপতিকো দেখা যাব ৷