১১ বছৰ পূৰ্বে কৰণ জোহৰৰ প্ৰযোজনাত ষ্টুডেণ্ট অৱ দ্যা ইয়েৰ ছবিত বলীউডত অভিষেক ঘটে আলিয়া ভাটৰ। ইয়াৰ পিছত মহেশ-কন্যাই বিগত দশকত কেইবাবাৰো নিজকে প্ৰমাণ কৰি দেখুৱাইছে। টু ষ্টেট’, ‘হাম্পটি শৰ্মা কি দুলহনীয়া’ৰ দৰে ছবিৰ উপৰিও আলিয়াই ‘হাইৱে’, ‘উৰতা পঞ্জাব’, ‘গাংগুবাই কঠিয়াৱাড়ী’ আদি ছবিত অভিনয় কৰি নিজৰ নাম উজলাই তুলিছে। এইবাৰ হলিউডত ভৰি দিছে অভিনেত্ৰীগৰাকীয়ে। তেওঁৰ প্ৰথমখন হলিউডৰ ছবি ‘হাৰ্ট অৱ ষ্টোন’ এইবাৰ মুক্তি পাব। ছবিখনত আলিয়াক গল গাডোট, জেমী ডৰ্নানৰ দৰে হলিউডৰ তাৰকাৰ সৈতে এটা ফ্ৰেমত দেখা যাব। শেহতীয়াকৈ মুক্তি পালে ছবিখনৰ প্ৰথম টিজাৰ।
হলিউডৰ প্ৰথমখন ছবিত আলিয়াক খলনায়িকা হিচাপে দেখা যাব। ছবিখনৰ ট্ৰেইলাৰত আলিয়াই বিশেষ সময় নাপালে। অৱশ্যে সেই কেইটামান মুহূৰ্তত আলিয়াৰ চকুত নিষ্ঠুৰ হাঁহি এটা জিলিকি উঠিল। অৱশ্যে ট্ৰেইলাৰত ইমান কম সময়ৰ বাবে আলিয়াক দেখি তেওঁৰ অনুৰাগীসকল অতিশয় অসন্তুষ্ট। ট্ৰেইলাৰটো চোৱাৰ পিছত তেওঁলোকৰ প্ৰশ্ন হয়, ছবিখনত আলিয়াই কিবা গুৰুত্ব পাবনে?
১১ আগষ্টত জনপ্ৰিয় অ’টিটি প্লেটফৰ্মত মুক্তি পাব ‘হাৰ্ট অৱ ষ্টোন’। শেহতীয়াকৈ ব্ৰাজিলত ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ছবিখনৰ আন তাৰকাসকলৰ লগতে আলিয়াও তাত উপস্থিত আছিল।