বক্স অফিচত ২০১৬ চনৰ অন্যতম সফল ছবি আছিল ছলমান খান অভিনীত ‘চুলতান’। এই ছবিখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি ভাইজানে নিজৰ শাৰীৰিক গঠন সলনি কৰিছিল । কাৰণ ছবিখনত তেওঁ মল্লযুঁজাৰুৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত অনুষ্কা শৰ্মা আছিল তেওঁৰ নায়িকা। এই ছবিখনৰ বাবে দুয়োজনে লাভ কৰা পাৰিতোষিকৰ মাজত আছিল বৃহৎ পাৰ্থক্য ৷
সূত্ৰ অনুসৰি প্ৰডাকচন কোম্পানী যশ ৰাজ ফিল্মছে ‘চুলতান’ ছবি নিৰ্মাণৰ বাজেট হিচাপে ৯০ কোটি টকা আবণ্টন দিছিল। অৱশ্যে সেই বছৰ ছবিখনে বক্স অফিচত ৩০০ কোটি টকাতকৈ বেছি টকা উপাৰ্জন কৰিছিল। এই ছবিখনৰ বিশ্বব্যাপী ব্যৱসায় ৫০০ কোটিতকৈও অধিক। কিন্তু এই ছবিখনত ছলমান আৰু অনুষ্কাৰ পাৰিতোষিক পৰিসংখ্যাই বহুতকে আচৰিত কৰি তুলিছে। ছবিখনৰ বাবে ছলমানে কোনো নিৰ্দিষ্ট মাননি লোৱা নাছিল। তেওঁ ছবিখনৰ লাভৰ পৰা পাৰিশ্ৰমিক দাবী কৰিছিল । আনহাতে, এই ছবিখনৰ বাবে অনুষ্কাই ৬ৰ পৰা ৭ কোটি টকা পাইছিল। ইয়াৰ বিপৰীতে ছবিখন হিট হোৱাৰ পিছত ছলমানক যশ ৰাজে ১০০ কোটি টকা দিছিল। পৰিসংখ্যা অনুসৰি অনুষ্কাক ছবিখনৰ বাজেটৰ মাত্ৰ ৬-৭ শতাংশহে দিয়া হৈছিল। তাৰ তুলনাত ছলমানৰ পাৰিশ্ৰমিক আছিল যথেষ্ট বেছি ৷
এই মুহূৰ্তত ছলমানে ঘোষণা কৰিছে দক্ষিণৰ পৰিচালক এ আৰ মুৰুগাডোছৰ সৈতে এখন নতুন ছবি। কিন্তু সেই ছবিখনৰ নাম এতিয়াও চূড়ান্ত হোৱা নাই। আনহাতে অনুষ্কাই শেহতীয়াকৈ এটি পুত্ৰ সন্তান জন্ম দিয়ে। গতিকে অভিনেত্ৰীগৰাকীয়ে ছবিৰ কামৰ পৰা সাময়িকভাৱে বিৰতি লৈছে ৷