‘শ্বেৰশ্বাহ’ ছবিৰ ৰাতা লম্বিয়া গীতৰ পিছতে নিশাৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিছিল গায়কগৰাকীয়ে। অৱশ্যে নেপথ্য সংগীতৰ জগতখন কেইবাবছৰ আগতেই ভৰি থৈছিল তেওঁ ৷ সাম্ৰ্তিক সময়ৰ এগৰাকী জনপ্ৰিয় গায়িকা আশেষ কৌৰৰ কথাই ক’বলৈ বিচৰা হৈছে ৷ কেইবাটাও ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰা গায়িকাগৰাকী আজি বিবাহপাশত আৱদ্ধ হয় ৷ সুৰকাৰ, গীতিকাৰ গোল্ডি সোহেলৰ সৈতে বিয়াত বহিল আশীষ ।
মুম্বাইত গায়িকাগৰাকীৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছে । ১৬ জুনত কণ্ঠশিল্পী গৰাকীৰ মেহেন্দী অনুষ্ঠান। ১৭ জুনত শিখ ৰীতি-নীতি অনুসৰি গুৰদ্বাৰাত অনুষ্ঠিত হয় বিয়া। দুয়োজনৰ মাজত কেইবা বছৰ ধৰি প্ৰেমৰ সম্পর্ক চলি আহিছে ৷ কিন্তু প্ৰেমৰ আৰম্ভণি হৈছিল একেলগে কাম কৰাৰ পৰা। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁলোকৰ এংগেজমেণ্ট হৈছিল। এইবাৰ আশীষে গোল্ডিৰ সৈতে নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে।
গোল্ডিৰ সৈতে হোৱা বিবাহৰ বিষয়ে গায়িকা গৰাকীয়ে কয়, “জীৱনটো সম্পূৰ্ণ। কোনে জানে, হৃদয় বিদাৰক গীত গাই থাকোঁতে আৰম্ভ হ’ব এটি জীৱনৰ প্ৰেম কাহিনী। জীৱনৰ আটাইতকৈ সুন্দৰ অধ্যায়ত মই। বহু বছৰ ধৰি প্ৰেম বিচাৰি আহিছোঁ। এতিয়া মই সেই নতুন অধ্যায়টো আৰম্ভ কৰিবলৈ ওলাইছো।” বিবাহৰ পিছত তেওঁলোক যাব স্বর্ণমন্দিৰলৈ ৷