পুনেৰ এজন আৰক্ষী বিষয়াৰ ঘৰত গণেশ হিচাপে জন্মগ্ৰহণ কৰিছিল এইগৰাকী শ্ৰী গৌৰীয়ে। মাত্ৰ ৯ বছৰ বয়সতে মাকৰ মৃত্যু হোৱা গণেশে আৰম্ভণিৰে পৰা ল’ৰাৰ দৰে জীয়াই থাকিবলৈ আৰু কাপোৰ পিন্ধি বেয়া পাইছিল ৷
টিভিত নাৰীসকলক দেখি তেওঁৰ অনুভৱ কৰিছিল যে তেওঁ নিজেই এনেকুৱা হোৱা উচিত। অৱশ্যে গণেশে ছোৱালীৰ দৰে সাজ-পোছাক পৰিধান কৰাটো দেউতাকে ভাল পোৱা নাছিল।
তিনিজন ভাই-ভনীৰ ভিতৰত গণেশ আছিল ঘৰৰ সৰু ।
সৰুৰে পৰা গণেশে কিন্নৰ বুলি ঠাট্টা-মস্কৰাৰ সন্মুখীন হ’বলগীয়া হৈছিল। আগতে কোনেও তেওঁৰ সৈতে কথা পতা নাছিল। মানুহে তেওঁক আওকাণ কৰি ঠাট্টা-মস্কৰা কৰিলে সেয়েহে তেওঁক অন্তৰত আঘাত দিছিল।
দেউতাকেও যিহেতু তেওঁক গ্ৰহণ কৰা নাছিল সেয়েহে ১৪/১৫ বছৰ বয়সতে তেওঁ ঘৰ এৰি গুছি গৈছিল। জীৱনত বহু অসুবিধাৰ সন্মুখীন হোৱাৰ পিছত কিন্নৰসকলৰ অধিকাৰৰ বাবে মাত মাতিবলৈ আগুৱাই আহিছিল তেওঁ। প্ৰথম অৱস্থাত শ্ৰী গৌৰী বেচৰকাৰী সংস্থা ‘হুমছফৰ ট্ৰাষ্ট’ৰ সৈতে জড়িত আছিল। পিছলৈ ২০০০ চনত তেওঁ ‘সাখী চৰ চৌগী’ নামৰ বেচৰকাৰী সংস্থাটো আৰম্ভ কৰে।
শ্ৰীগৌৰী সাৱন্তে ২০১৯ চনত মহাৰাষ্ট্ৰ নিৰ্বাচন আয়োগৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰে।
উল্লেখযোগ্য যে গৌৰীয়ে আৰম্ভণিৰে পৰাই মাতৃ হ’ব বিচাৰিছিল আৰু এইগৰাকী শ্ৰী গৌৰী এগৰাকী কন্যা সন্তানৰ মাতৃ। শ্ৰী গৌৰীয়ে ২০০৮ চনত ৪ বছৰীয়া গায়ত্ৰীক তুলি লৈছিল। কাৰণ এই কন্যা সন্তান জন্ম দিয়া মাতৃগৰাকী আছিল এগৰাকী যৌনকৰ্মী আৰু এইডছ ৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুবৰণ কৰিছিল।
সুস্মিতা সেন অভিনীত ৱেব চিৰিজটোৰ এটা ভিডিঅ’ত শ্ৰী গৌৰী সাৱন্তক কৈ থকা দেখা গৈছে যে মাতৃ হ’বলৈ সন্তান জন্ম দিয়াটো প্ৰয়োজনীয় নহয়। মাতৃত্ব হ’ল শিশুটিৰ যত্ন লোৱা আৰু ইয়াক সম্পূৰ্ণ হৃদয়েৰে ভালপোৱা। এতিয়া মানুহে তেওঁক মাতৃ হিচাপে চিনি পোৱা দেখি তেওঁ সুখী ৷
এসময়ত নিজৰ পৰিয়ালে প্ৰত্যাখ্যান কৰা শ্ৰী গৌৰী সাৱন্তই বৰ্তমান সময়ত বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ৰেম্প ৱাকো কৰিছে গৌৰীয়ে। ইয়াৰ উপৰিও টিভিৰ কুইজ শ্ব’ কৌন বনেগা কোৰপতিতো অংশগ্ৰহণ কৰিছে তেওঁ ।
২০১৪ চনত শ্ৰী গৌৰী সাৱন্তই দেশৰ উচ্চতম ন্যায়ালয়ত কিন্নৰসকলৰ অধিকাৰৰ বাবে আবেদন দাখিল কৰা প্ৰথমজন কিন্নৰ হিচাপে পৰিগণিত হয়। সমকামীৰ অধিকাৰৰ বাবেও যুঁজিছিল শ্ৰী গৌৰীয়ে । লগতে তেওঁ ৩৭৭ নং অনুচ্ছেদৰ বিৰোধিতা কৰিছিল, তৃতীয় লিংগক আধাৰ কাৰ্ড দিয়াৰ বাবে যুঁজিছিল। ৰাষ্ট্ৰীয় আইন সেৱা কৰ্তৃপক্ষৰ গোচৰত উচ্চতম ন্যায়ালয়ে কিন্নৰ সকলক তৃতীয় লিংগ হিচাপে স্বীকৃতি দিয়া গোচৰত তেওঁ আছিল এগৰাকী যোদ্ধা। এই সফলতাৰ বাবে তেওঁক বহু বঁটাৰে সন্মানিত কৰা হৈছে।