ভাৰতীয় চলচিত্ৰ জগতৰ এক দীঘলীয়া যাত্ৰা অতিক্ৰম কৰা বলিউড জগতৰ মেগাষ্টাৰ অমিতাভ বচ্চনে কিয় কেতিয়াও একেলগে কাম কৰা নাই মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতৰ সৈতে সেয়া নিশ্চয় সকলো চলচিত্ৰ প্ৰেমীৰ বাবেই এক ডাঙৰ প্ৰশ্ন ৷ বলিউডৰ প্ৰায় সকলো আগশাৰীৰ অভিনেত্ৰীৰ লগতে বিভিন্ন ছবিৰ জৰিয়তে ডাঙৰ পৰ্দাত দেখাপোৱা অমিতাভ বচ্চনৰ ফিল্ম ইণ্ড্ৰাষ্টিৰ এই সুদীৰ্ঘ যাত্ৰাত মাত্ৰ এনে এগৰাকী অভিনেত্ৰীক তেওঁৰ স’তে দৰ্শকে কেতিয়াও দেখা নাপালে ,তেওঁ হ‘ল জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিত ৷ ইয়াৰ আঁৰতো আছে এক কাহিনী ৷ ৮০ৰ দশকত মাধুৰীয়ে যেতিয়া মুম্বাইৰ চলচিত্ৰ জগতত প্ৰথম খোজ পেলাইছিল,সেইসময়ত তেওঁ মানুহৰ বৰ প্ৰিয় নাছিল আৰু বহু আগশাৰীৰ অভিনেতাই তেওঁৰ স’তে কাম কৰিবলৈ অস্বীকাৰ কৰিছিল ৷ সেই সময়ত মাধুৰীক প্ৰয়োজন আছিল এক চুপাৰ হিট ছবিৰ ৷ ঠিক সেই সময়তে জনপ্ৰিয় অভিনেতা অনিল কাপুৰে তেওঁক সহযোগ কৰিছিল আৰু মাধুৰীৰ স’তে চিনেমা কৰাৰ সিদ্ধান্ত লৈছিল ৷ পৰৱৰ্তী সময়ত সেই মাধুৰী আৰু অনিল কাপুৰৰ যুটীয়েই মুম্বাইৰ চিনেমা জগততেই নহয় সমগ্ৰ দেশতেই খলকনি তুলিছিল আৰু এই যুটীটোৱে একেৰাহে ‘বেটা’,’তেজাব’,’হিফাজত’,’পৰিন্দা’ আদিকে ধৰি কেইবাখনো চুপাৰ হিট ফিল্ম ভাৰতীয় চলচিত্ৰ জগতলৈ আগবঢ়াইছিল ৷ ছবিকেইখনৰ জনপ্ৰিয়তাৰ পিছত মাধুৰীও বলিউড চুপাৰষ্টাৰ হৈ পৰিল ৷এই সফলতাৰ পিছত মাধুৰীয়ে অমিতাভ বচ্চনৰ লগত অভিনয় কৰাৰ সুযোগো পাইছিল যদিও অনিল কাপুৰে তেওঁক বিগ বিৰ লগত কাম কৰিবলৈ অনুমতি নিদিলে আৰু সেয়েহে আজিলৈকে দুইগৰাকী চুপাৰষ্টাৰক একেলগে কেতিয়াও ডাঙৰ পৰ্দাত দেখা নাপালে চলচিত্ৰ প্ৰেমীসকলে ৷