নব্বৈৰ দশকৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আয়েছা জুলকা। ছলমান খান, অক্ষয় কুমাৰ, আমিৰ খানৰ নায়িকা হিচাপে তেওঁ সুখ্যাতি লাভ কৰিছিল ৷ । অক্ষয়ৰ লগত তেওঁৰকেমিষ্ট্ৰীৰ কথা সেই সময়ত আটাইতকৈ বেছি চর্চিত হৈছিল। ‘খিলাড়ী” ছবিখনত অক্ষয় কুমাৰৰ সৈতে তেওঁৰ অন স্ক্ৰীণ ৰোমাঞ্চে ধুমুহাৰ সৃষ্টি কৰিছিল ৷ যদিও বৰ্তমান তেওঁলোকৰ মাজত কোনো যোগাযোগ নাই। আয়েছাৰ বয়স পঞ্চাশৰ উর্ধত । ২০০৩ চনত সমীৰে বছিৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল আয়েছা ৷বিয়াৰ পিছৰে পৰা অভিনয়ৰ জগতখনৰ পৰা তেওঁ আতৰি আহিছে ৷ অৱশ্যে আয়েশাই স্বেচ্ছাই অভিনয়ৰ পৰা আঁতৰি আহিছিল বুলি প্ৰকাশ কৰিছে ৷ বিয়াৰ বিশ বছৰৰ পাছতো তেওঁ নিঃসন্তান।ইয়াৰ কাৰণ কি, অভিনেত্ৰীগৰাকীয়ে সেয়া নিজেই প্ৰকাশ কৰিছে ৷
আয়েছাই কয় যে তেওঁ কেতিয়াও বিয়া হ’ব বিচৰা নাছিল। আগতে কেইবাটাও সম্পৰ্ক আছিল। সম্পর্কসমূহৰ অভিজ্ঞতা একেবাৰে ভাল নহয়। সেইবাবেই সম্পৰ্কৰ ওপৰত আস্থা হেৰুৱাই পেলায়। এই সিদ্ধান্ত ঘৰতে অৱগত কৰিছিল ৷ কোনো আপত্তি কৰা নাছিল পৰিয়ালৰ লোকে। আয়েছাই কয়- “সমীৰৰ লগত কথা পতাৰ পিছত দুয়োজনৰ মাজত মন মিলিছিল ৷ কিন্তু মই কেতিয়াও মাতৃ হ’ব বিচৰা নাছিলো। জীৱনত বহু কঠিন সময়ৰ মাজেৰে পাৰ হৈছো। মাতৃ নহ’বলৈ আমাৰ সিদ্ধান্ত আছিল। এই সন্দৰ্ভত আমাৰ মাজত কোনো মতানৈক্য নাই।”
মাতৃত্বৰ সোৱাদ লোৱা নাই যদিও তেওঁৰ দায়িত্বও কম নহয়। গুজৰাটৰ এখন গাঁৱৰ পৰা ল’ৰা-ছোৱালী তুলি লৈছিল অভিনেত্ৰীগৰাকীয়ে। আয়েশা আৰু সমীৰে প্ৰায় ১৬০ টা শিশুৰ যত্ন লৈ আহিছে ।