অস্কাৰত ক্ৰিছ ৰকক চৰ মৰাৰ পিছত স্পটলাইটৰ পৰা আঁতৰি আছিল উইল স্মিথ। সেই নিশা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা অভিনেতাজনে পত্নী জাডা পিঙ্কেট স্মিথৰ বিষয়ে কৌতুক কৰাৰ বাবে ক্ৰিছক চৰ মাৰিছিল।
একাডেমী বঁটা বিজয়ী অভিনেতা উইল স্মিথে শনিবাৰে ৰাতিপুৱা মুম্বাইৰ কালিনা বিমানবন্দৰত অৱতৰণ কৰিলে ৷ অৱশ্যে এইয়া উইল স্মিথৰ ভাৰতলৈ প্ৰথম ভ্ৰমণ নহয়। অভিনেতাজনে ২০১৯ চনত তেওঁৰ ৰিয়েলিটি শ্ব’ ‘দ্য বাকেট লিষ্ট’ৰ দৃশ্যগ্ৰহণৰ বাবে ভাৰতলৈ আহিছিল। তেওঁৰ ২০১৯ৰ ভ্ৰমণৰ সময়ত, উইল স্মিথে কেইজনমান বলীউড তাৰকাক লগ পাইছিল আৰু ষ্টুডেণ্ট অফ দা ইয়েৰ ২-ৰ দলৰ সৈতে এটা খণ্ডৰ দৃশ্যগ্ৰহণ কৰিছিল। তেওঁ হৰিদ্বাৰও ভ্ৰমণ কৰিছিল। পেছাদাৰী ক্ষেত্ৰত, উইল স্মিথক পৰৱৰ্তী ১০ বছৰৰ বাবে অস্কাৰত উপস্থিত থাকিবলৈ নিষিদ্ধ কৰা হৈছে।
উইল স্মিথক পৰৱৰ্তী দশকত একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছৰ দ্বাৰা অনুষ্ঠিত আন কোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুমতি দিয়া হোৱা নাই।
উইল স্মিথ হৈছে ‘আলি, দ্য পাচ্যুইট অফ হেপ্পিনেছ’, ‘মেন ইন ব্লেক চিৰিজ’ আৰু ‘বেড বয়জ’ৰ দৰে কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰৰ তাৰকা। আনহাতে জনপ্ৰিয় দূৰদৰ্শন শৃংখলা ‘দ্য ফ্ৰেছ প্ৰিন্স অফ বেল-এয়াৰ’ৰো তাৰকা অভিনেতা উইল স্মিথ।