মনোজ বাজপেয়ীয়ে বহু গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি দর্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ৷ ‘গেংছ অৱ ৱাছেইপুৰ’ৰ চৰ্দাৰ খান হওঁক অথবা ‘ফেমিলি মেন’ৰ শ্ৰীকান্ত তিৱাৰী,প্ৰটিতো চৰিত্ৰত তেওঁৰ অভিনয়ত দৰ্শক বাৰে বাৰে আপ্লুত হৈ আহিছে। কিন্তু, কেৰিয়াৰৰ আৰম্ভণি কেনেকুৱা আছিল এই গৰাকী প্ৰসিদ্ধ অভিনেতাৰ ? শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত সেই বিষয়ে প্ৰকাশ কৰিছে মনোজ বাজপেয়ীয়ে ৷
মঞ্চৰ পৰাই তেওঁ অভিনয় যাত্ৰা আৰম্ভ কৰিছিল। অভিনেতাজনে প্ৰথমখন ছবিৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিছিল সেই কথাও তেওঁ প্ৰকাশ কৰিছে । তেওঁ কয়, “যেতিয়া মই থিয়েটাৰ কৰিছিলো, তেতিয়া প্ৰথমখন ছবি ‘বেণ্ডিট কুইন’ত অভিনয়ৰ প্ৰস্তাৱ পাইছিলো ৷সেই ছবিখনৰ বাবে মোক ৩৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাৰ ভিতৰত পাৰিশ্ৰমিক দিছিল ৷”
আন এখন ছবিৰ সন্দৰ্ভত মনোজ বাজপেয়ীয়ে কয়, “যেতিয়া মই পৰিচালকক ‘দ্ৰোহ কাল’ ছবিত কাম দিবলৈ অনুৰোধ কৰিছিলো, তেতিয়া সকলোৱে ভাল চৰিত্ৰ লাভ কৰিছিল ৷ মই এটা সৰু চৰিত্ৰত অভিনয় কৰিছিলো ৷ সেই চৰিত্ৰত অভিনয়ৰ বাবে মই ২০০০ টকা পাইছিলোঁ।” উল্লেখ্য যে মনোজ বাজপেয়ীয়ে ইতিমধ্যে ১০০খন ছবিত অভিনয় কৰিছে। তেওঁৰ ছবি ‘ভাইয়া জী’ অহা ২৪ মে’ত মুক্তি পাব ৷