সন্দীপ ৰেড্ডী বাংগাৰ ছবি ‘এনিমেল’ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । বিপুল পৰিমাণৰ ধন দিলেও এই ছবিখনৰ অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰিলেহেঁতেন বুলি শেহতীয়াকৈ এক সাক্ষাৎকাৰত মন্তব্য কৰিছে অভিনেতা তথা অসম সন্তান আদিল হুছেইনে। তেওঁৰ মন্তব্যক কেন্দ্ৰ কৰি এই ছবিখনক লৈ পুনৰ আন এক বিতৰ্কৰ সৃষ্টি হৈছে।
সন্দীপ ৰেড্ডীৰ ‘কবীৰ সিঙ’ত অভিনয় কৰিছিল আদিল হুছেইনে। কিন্তু অভিনেতাজনে দাবী কৰে যে তেওঁ কোনো কাৰণতে ‘এনিমেল’ত অভিনয় কৰিবলৈ সন্মতি নিদিলেহেঁতেন। এক সাক্ষাৎকাৰত তেওঁ কয় –“ মোক ১০০-২০০ কোটি টকা দিয়া হ’লেও এই ছবিখনত মই কেতিয়াও কাম নকৰিলোহেঁতেন।“
উল্লেখ্য যে এই বিতৰ্ক আগতেই আৰম্ভ হৈছিল। আদিল হুছেইন মন্তব্য কৰিছিল যে ‘কবীৰ সিঙৰ দৰে নাৰীবিদ্বেষী ছবিত অভিনয় কৰি তেওঁ অনুশোচনাত ভুগিছিল ৷এই মন্তব্যৰ উত্তৰত ৰেড্ডীয়ে ছ’চিয়েল মিডিয়াত লিখিছিল যে আন ৩০খন ছবি কৰিও আদিলে কেৱল কবীৰ সিঙৰ জৰিয়তেহে খ্যাতি লাভ কৰিছিল। আনকি ছবিখনত আদিলৰ মুখ কৃত্ৰিম বুদ্ধিমত্তাৰে স্থানান্তৰ কৰিব।
আং লীৰ পৰিচালনাত নিৰ্মিত ‘লাইফ অৱ পাই’ ছবিত অভিনয় কৰিছিল আদিল হুছেইনে। এই প্ৰসংগত অভিনেতাগৰাকীয়ে কয়, “যদি তেওঁ (সন্দীপ ৰেড্ডী বাংগাই) নিজকে আং লীতকৈ বেছি বিখ্যাত বুলি ভাবে, তেন্তে মোৰ ক’বলগীয়া একো নাই। তেওঁ যে তেনেকৈ ভাবে সেয়া দুৰ্ভাগ্যজনক। বক্স অফিচত তেওঁৰ ছবিখন সফল হৈছিল। গতিকে হয়তো তেওঁ তেনেকৈয়ে ভাবে। ‘কবীৰ সিঙে’ কিমান টকা উপাৰ্জন কৰিলে মই ঠিক নাজানো। কিন্তু বক্স অফিচত ‘লাইফ অৱ পাই’ৰ সংকলনে বিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিলে। গতিকে সেই ছবিখনৰ লগত বাংগাই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে নাই নাজানো। তেওঁ সেই কথা ভাবিব লাগিছিল।“
মন কৰিবলগীয়া যে জাহ্নৱী কাপুৰৰ পৰৱৰ্তী ছবি ‘উলঝ’ত আদিলক দেখা যাব। চলিত বৰ্ষৰ ৫ জুলাইত মুক্তি পাব এই ছবিখন।