অসমীয়া সাংস্কৃতিক জগতলৈ আন এক সুখবৰ।আন্তঃৰাষ্ট্ৰীয় পর্যায়ত অসমীয়া ছবিৰ জয়যাত্ৰা অব্যাহত আছে ৷ যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ নৱতম ছবি ‘অহল্যা’ই আন্তৰ্জাতিক পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ‘অহল্যা’ এখন নিৰ্বাক অসমীয়া চুটি ছবি।
আত্মইনো কি বিচাৰে,কেনেকৈ বিচাৰে, তাৰেই এক অন্বেষণ হৈছে ‘অহল্যা’। এই ছবিখনে শেহতীয়াকৈ ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত নিৰ্বাক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
সাধাৰণতে সোঁতৰ বিপৰীতে গৈ ছবি নিৰ্মাণ কৰি ভালপাই পৰিচালক বাৰ্মাই। তেওঁৰ ছবিত মূল উপজীৱ্য অসমীয়া লোককথা-অসমীয়া লোকাচাৰ ৷ ঘোঁৰাপাক, অহম,যখিনী, মৰমে ৰিঙিয়াই আদি তেওঁৰ উল্লেখযোগ্য চুটি ছবি। অৱশ্যে ‘অহল্যা’ৰ কথা সুকীয়া।
উল্লেখ্য যে, ‘অহল্যা’ৰ সফলতাৰ আঁৰত আছে ভালেকেইগৰাকী প্ৰতিভাৱান শিল্পী। ছবিখনৰ কাহিনী-চিত্ৰনাট্য-পৰিচালনাৰ দায়িত্বত আছে চিন্মই বাৰ্মা, সংগীতেৰে সজাইছে নাজনীন উল্লাহ আৰু বিদ্যুৎ বিকাশ বৰুৱাই। ইয়াৰোপৰি অভিনয় শিল্পী হিচাপে আছে এদল প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী। তেওঁলোক হৈছে- সমীক্ষা দাস, কৰণ কুমাৰ দাস, দিক্ষীতা ৰাজবংশী, দেৱযানী কাশ্যপ, জংকী শৰ্মা, প্ৰতিভা দাস আদি।