VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিমুদ্ৰাকৰণৰ বাবে মোদীয়ে লোৱা সিদ্ধান্তক কোন ন্যায়াধীশে ক’লে-এয়া বেআাইনী

voicedesk by voicedesk
January 2, 2023
in আইন
গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণাৰ প্ৰার্থনাৰে কোনে দাখিল কৰিলে আৱেদন, শুনানি গ্ৰহণ কৰি কিয় টিঙিৰি তুলা হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

১০০০ আৰু ৫০০ টকীয়া পুৰণি নোট বাতিল কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা গোচৰত সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰে ।দীর্ঘদিনীয়া শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে কয় যে কেন্দ্ৰৰ সিদ্ধান্তত কোনো ভুল নাছিল ৷ যাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ সিদ্ধান্তক সমৰ্থন কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ কোনো বিত্তীয় সিদ্ধান্তক সলনি কৰিব নোৱাৰি বুলিও উচ্চতম ন্যায়ালয়ে কয়। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে সিদ্ধান্ত লোৱাৰ ধৰণ বিবেচনা কৰিলে কেন্দ্ৰৰ সিদ্ধান্ত বাতিল কৰিব নোৱাৰি। ৰিজাৰ্ভ বেংকৰ সৈতে ছমাহৰ আলোচনাৰ অন্তত কেন্দ্ৰই বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলিও উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠখনে উল্লেখ কৰে । কেন্দ্ৰৰ এই সিদ্ধান্তৰ সপক্ষে চাৰিজন ন্যায়াধীশে মতদান কৰাৰ বিপৰীতে এজন ন্যায়াধীশে বিপক্ষে মতদান কৰে ৷

বিমুদ্ৰাকৰণৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৫৮খন আবেদন দাখিল কৰা হৈছিল ৷  আৱেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে চৰকাৰে সঠিক পৰিকল্পনাৰে এই সিদ্ধান্ত লোৱা নাই আৰু শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিব লাগে। চৰকাৰী পক্ষই যুক্তি প্ৰদর্শন কৰে  যে কাৰ্যক্ষেত্ৰত এই সিদ্ধান্ত বাতিল কৰাটো সম্ভৱ নহয়। কেন্দ্ৰৰ অধিবক্তাই লগতে দাবী কৰে যে যদি বিমুদ্ৰাকৰণৰ সিদ্ধান্ত বাতিল কৰিবলৈ হ’লে পুনৰ অতীতলৈ ঘূৰি গৈ এই সিদ্ধান্ত বাতিল কৰিব লাগিব ৷

ন্যায়াধীশ এছ এ নাজিৰৰ নেতৃত্বত গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে শীতকালীন বিৰতিৰ পূৰ্বে দুয়োপক্ষৰ যুক্তি শুনিছিল আৰু ৭ ডিচেম্বৰত ৰায় সংৰক্ষিত কৰিছিল। সংবিধান বিচাৰপীঠৰ আন সদস্যসকল হ’ল ন্যায়াধীশ বি আৰ গাভা, বি ভি নাগাৰথ্না, এ এছ বোপন্না আৰু ভি ৰামাসুব্ৰহ্মণিয়াম। এই গোচৰত ন্যায়াধীশ বি আৰ গাভা আৰু ন্যায়াধীশ বি ভি নাগাৰাথ্নাই দুটা পৃথক ৰায় দিয়া বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০১৬ চনৰ ৮ নৱেম্বৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে ৫০০ আৰু ১০০০ টকীয়া নোট বাতিল কৰি নতুন ৫০০ আৰু ২০০০ টকীয়া নোট প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়। চৰকাৰে অবাধ ক’লা ধন বন্ধ কৰিবলৈ এই সিদ্ধান্ত লৈছিল বুলি প্ৰকাশ কৰি আহিছে । ইয়াৰ উপৰিও চৰকাৰে দাবী কৰিছিল যে যদি পুৰণি নোট সলনি কৰা হয় তেন্তে ক’লা ধন ৰখা লোকসকল বিপদত পৰিব, আৰু  ভাৰতীয় অৰ্থনীতিত স্বচ্ছতা আহিব। কিন্তু বিমুদ্ৰাকৰণৰ পিছত সম্পূৰ্ণ ওলোটা ছবি পৰিলক্ষিত  হয়। মুকলি বজাৰত থকা প্ৰায় সকলো টকা বেংকলৈ ঘূৰি আহিছিল।

অৱশ্যে উচ্চতম ন্যায়ালয়ে বিমুদ্ৰাকৰণৰ সিদ্ধান্তক ‘শুদ্ধ’ বুলি অভিহিত কৰাৰ বিপৰীতে ন্যায়াধীশ বি ভি নাগাৰত্নে ইয়াক ‘অবৈধ’ বুলি অভিহিত কৰে। তেওঁ কয় যে ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰে বিমুদ্ৰাকৰণৰ সিদ্ধান্তই বেছিভাগ লক্ষ্য পূৰণ কৰিব পৰা নাছিল। একে সময়তে ন্যায়াধীশগৰাকীয়ে কয় যে ইমান দিনৰ পাছতো আদালতে এই সিদ্ধান্ত স্থগিত ৰখাৰ নিৰ্দেশ দিব নোৱাৰে। ইয়াৰ কোনো সমাধান নাথাকিব বুলিও তেওঁ কয়।
উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠৰ অন্যতম সদস্য ন্যায়াধীশ নাগাৰত্নে সোমবাৰে কয় , ‘ক’লা ধন আদায়, সন্ত্ৰাসবাদত ক’লা ধনৰ ব্যৱহাৰ আদি বন্ধ কৰাৰ বাবে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু আইনী দৃষ্টিকোণৰ পৰা এই সিদ্ধান্ত অবৈধ। আদালতে সিদ্ধান্তৰ বস্তুনিষ্ঠ দিশটো নহয়, আইনী দিশটো পুনৰীক্ষণ কৰি বিচাৰ কৰে।”

 

Previous Post

বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰে এক চৰ্চিত নাম এলন মাস্ক

Next Post

ফেব্ৰুৱাৰীত হ’ব সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ, ডুবাইত বিয়াৰ পূর্বেই নববর্ষ উদযাপন

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
ফেব্ৰুৱাৰীত হ’ব  সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ,  ডুবাইত বিয়াৰ পূর্বেই নববর্ষ উদযাপন

ফেব্ৰুৱাৰীত হ’ব সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ, ডুবাইত বিয়াৰ পূর্বেই নববর্ষ উদযাপন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7