এনফর্চমেণ্ট সঞ্চালকালয়ৰ (ইডি)ৰ তদন্ত চলি থকা ধন সৰবৰাহৰ গোচৰৰ অভিযুক্ত আপৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বৃহস্পতিবাৰে দিল্লীৰ এখন আদালতে জামিন নাকচ কৰে। বিশেষ ন্যায়াধীশৰ আদালতে এই গোচৰৰ সহ অভিযুক্ত বৈভৱ আৰু অংকুশ জৈনৰ জামিন নাকচ কৰে।৩০ মে’ত অবৈধ ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা জৈন বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ৷
ছেপ্টেম্বৰ মাহত যেতিয়া অভিযুক্ত সকলৰ জামিনৰ শুনানি চূড়ান্ত পৰ্যায়ত আছিল, তেতিয়া ইডিয়ে পক্ষপাতিত্বৰ আশংকা উত্থাপন কৰাৰ লগতে বিশেষ ন্যায়াধীশ গীতাঞ্জলি গোৱেলৰ আদালতৰ পৰা নতুন ন্যায়াধীশলৈ গোচৰটো হস্তান্তৰ কৰাৰ বাবে আবেদন দাখিল কৰিছিল। ২৩ ছেপ্টেম্বৰত ইডিৰ আবেদনৰ অনুমতি প্ৰদান কৰে ৷
যদিও জৈন আৰু অন্যান্য অভিযুক্তই নতুন ন্যায়াধীশক হস্তান্তৰৰ অনুমতিক প্ৰত্যাহ্বান জনাইছিল, তথাপিও দিল্লী উচ্চ ন্যায়ালয়ে ১ অক্টোবৰত এই আবেদন নাকচ কৰি কয় যে বিচাৰ আদালতৰ ন্যায়াধীশৰ দ্বাৰা ইডিৰ পক্ষপাতিত্বৰ আশংকা যুক্তিসংগত ৷ ইয়াৰ লগে লগে কাৰাগাৰতে জৈন কাৰাগাৰতে আৱদ্ধ হৈ থাকিব লগীয়া হোৱাটো নিশ্চিত হ’ল ৷