অভিনেত্ৰী-ৰাজনীতিবিদ জয়াপ্ৰদাক এটা পুৰণি গোচৰত চেন্নাইৰ আদালতে ছমাহৰ কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। এই গোচৰত জয়াৰ দুই ব্যৱসায়িক সহযোগী ৰাম কুমাৰ আৰু ৰাজা বাবুকো দোষী সাব্যস্ত কৰে আদালতে।
টাইমছ নাওত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জয়াই কেইবাবছৰ পূৰ্বে চেন্নাইত এটা চিনেমা হল ক্ৰয় কৰিছিল। সহযোগী আছিল ৰাম আৰু ৰাজা। কিন্তু অবিৰত লোকচানৰ বাবে তেওঁলোকে সেই হলটো বন্ধ কৰি দিলে। ইয়াৰ পিছতেই জয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে সেই সময়ত কৰ্মৰত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা স্বাস্থ্য বীমাৰ ধন জমা হোৱা নাছিল। ইয়াৰ পিছত আনুষ্ঠানিকভাৱে লিখিত অভিযোগ দাখিল কৰা হয়। শ্ৰমিকৰ অভিযোগৰ ভিত্তিত চেন্নাইৰ এগম’ৰ দণ্ডাধীশ আদালতত জয়া, ৰাম আৰু ৰাজাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। জয়াপ্ৰদাই ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। কিন্তু আদালতে আবেদন নাকচ কৰি শুকুৰবাৰে গোচৰৰ শাস্তি ঘোষণা কৰে।
প্ৰসংগক্ৰমে জয়াই ৩০০ৰো অধিক হিন্দী আৰু তেলেগু চিনেমাত অভিনয় কৰিছে।