VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আদানী বিতৰ্কৰ পিছত উচ্চতম ন্যায়ালয়ে শ্বেয়াৰ বজাৰৰ নিৰাপত্তা পৰীক্ষাৰ বাবে গঠন কৰিলে কমিটী, কাৰ নেতৃত্বত গঠন হ’ল কমিটী!!

voicedesk by voicedesk
March 3, 2023
in আইন
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গৰ এক প্ৰতিবেদনৰ পিছতে আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পায়। হিণ্ডেনবাৰ্গে গৌতম আদানীৰ মালিকানাধীন কোম্পানীসমূহে শ্বেয়াৰৰ অনিয়ম কৰা বুলি অভিযোগ উত্থাপন কৰে। বহু বিনিয়োগকাৰীয়ে আদানী শ্বেয়াৰৰ পৰা ধন উলিয়াবলৈ আৰম্ভ কৰিলে। এই সন্দর্ভত উচ্চতম ন্যায়ালয়ত দুটা গোচৰ ৰুজু হৈছিল। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বিনিয়োগকাৰীৰ আস্থাৰ বিষয়টো চোৱাচিতা কৰিবলৈ এখন কমিটী গঠন কৰে। শ্বেয়াৰ বজাৰত উত্থাপিত ‘অনিয়ম’ৰ অভিযোগ চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিয়া হয় ছেবিক।

 

উচ্চতম ন্যায়ালয়ে শ্বেয়াৰ বজাৰত নিয়ন্ত্ৰণ ব্যৱস্থাৰ ওপৰত চকু ৰাখি প্ৰয়োজনীয় সংস্কাৰ আনিবলৈ বিশেষজ্ঞ সমিতি গঠন কৰিছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ এম ছাপ্ৰা, ন্যায়াধীশ জে পি দেৱদত্ত, কে ভি কামাথ, নন্দন নিলেকানী আৰু সোমাশেখৰ সুন্দৰেছনৰ নেতৃত্বত গঠিত কমিটীয়ে শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ ওপৰত পৰীক্ষা কৰিব । আদালতে অনুভৱ কৰিছে যে বজাৰত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰা ভাৰতীয় বিনিয়োগকাৰীৰ স্বাৰ্থ সুৰক্ষিত কৰা উচিত। আদালতে পৰ্যবেক্ষণ কৰা মতে, বিপজ্জনক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ বিনিয়োগকাৰীৰ স্বাৰ্থত নিয়ন্ত্ৰণ কাঠামোৰ সঠিক মূল্যায়ন আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়া শক্তিশালী কৰাটো প্ৰয়োজনীয়। সেয়েহে উচ্চতম ন্যায়ালয়ে কমিটীৰ সদস্য হিচাপে বিশেষজ্ঞক নিযুক্তি দি দেশৰ বিনিয়োগকাৰীক আস্থা প্ৰদান কৰিব বিচাৰিছে।

 

তদন্ত সমিতিৰ অন্যতম সদস্য ওমপ্ৰসাদ ২০০৬ চনৰ পৰা ২০১১ চনলৈকে ষ্টেট বেংকৰ অধ্যক্ষ আছিল। বেংকিং ব্যৱস্থাৰ সৈতে জড়িত বহু লোকে কয় যে এই চৰকাৰী বেংকটোৱে সেই সময়ত একাধিক প্ৰতিকূলতাৰ সন্মুখীন হৈছিল। তেওঁলোকে ওমপ্ৰসাদক দৃঢ় হাতেৰে মোকাবিলা কৰাৰ কৃতিত্ব দিয়ে। অল ইণ্ডিয়া বেংক এছ’চিয়েশ্যনৰ প্ৰাক্তন সভাপতি ওমপ্ৰকাশে বৰ্তমান কেইবাটায়ো বহুজাতিক কোম্পানীৰ পৰিচালক আৰু পৰামৰ্শদাতা হিচাপে কাম কৰি আছে। কমিটীৰ আন এজন সদস্য নিলেকানী দেশৰ উদ্যোগ মহলত পৰিচিত নাম। তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নিলেকানীক বহুতে আধাৰ কাৰ্ডৰ অন্যতম পিতৃ বুলি গণ্য কৰে। তেওঁ ২০১৪ চনলৈকে ইউআইডিএআইৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, যিটো সংস্থাই দেশৰ নাগৰিকৰ সকলো তথ্য নথিভুক্ত কৰি আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হৈছিল। কমিটীৰ অন্যতম সদস্য ন্যায়াধীশ দেৱদত্তই দীৰ্ঘদিন ধৰি শ্বেয়াৰ এণ্ড ইনভেষ্টমেণ্ট ট্ৰিবিউনেলৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ছাপ্ৰা গুৱাহাটী উচ্চ ন্যায়ালয় আৰু মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। ২০১৯ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ অন্যতম ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰে। কাবেৰী পানী বিতৰণ গোচৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দানৰ সৈতে তেওঁ  জড়িত হৈ আছে।

 

উচ্চতম ন্যায়ালয়ে গঠন কৰা কমিটীৰ অন্যতম সদস্য কামাথেও কেৰিয়াৰৰ সময়ছোৱাত কেইবাটাও বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ শীৰ্ষ পদবীত কার্যনিবাহ কৰিছিল। ব্ৰিকছ দেশসমূহৰ বাবে সৃষ্টি কৰা নিউ ডেভেলপমেণ্ট বেংকৰ উপৰিও কামথে ইনফ’ছিছ আৰু ব্যক্তিগত বেংক আইচিআইচিআই বেংকৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰিচালনা সমিতিৰ মূল সদস্য হিচাপে তেওঁৰ বিস্তৃত অভিজ্ঞতা আছে। কমিটীৰ আন এজন সদস্য হৈছে শ্বেয়াৰ মাৰ্কেটৰ বিশেষজ্ঞ সুন্দৰচন। তেওঁ সাংবাদিক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও পিছলৈ বিভিন্ন বহুজাতিক কোম্পানীত ইকুইটি কনচালটেণ্ট হিচাপে কাম কৰিছিল।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কৰ্ণাটকৰ বিজেপি বিধায়কৰ আমোলা পুত্ৰৰ বাসগৃহত উদ্ধাৰ ৬ কোটি টকা

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
উৎকোচ লৈ  গ্ৰেপ্তাৰ হোৱা কৰ্ণাটকৰ বিজেপি বিধায়কৰ আমোলা পুত্ৰৰ বাসগৃহত উদ্ধাৰ ৬ কোটি টকা

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কৰ্ণাটকৰ বিজেপি বিধায়কৰ আমোলা পুত্ৰৰ বাসগৃহত উদ্ধাৰ ৬ কোটি টকা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7