১৮ বছৰৰ তলৰ বয়সত সহবাসৰ সিদ্ধান্ত লোৱাটো কেৱল অনৈতিক নহয়, ই অবৈধও। এটা গোচৰৰ শুনানিৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এনে পৰ্যবেক্ষণ আগবঢ়াইছে ৷
১৭ বছৰীয়া আলী আব্বাছ আৰু তেওঁৰ ১৯ বছৰীয়া ‘লিভ ইন’ সহযোগী ছালনী যাদৱে সহবাসৰ অনুমতি বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰে। এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিবেক কুমাৰ বিৰলা আৰু ন্যায়াধীশ ৰাজেন্দ্ৰ কুমাৰৰ খণ্ড বিচাৰপীঠে। গোচৰৰ শুনানিৰ সময়ত বিচাৰপীঠে আলী আৰু ছালনীৰ আবেদন খাৰিজ কৰে।
ন্যায়াধীশ বিৰলা আৰু ন্যায়াধীশ কুমাৰৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰি কয় যে, সহবাসৰ বাবে কেইবাটাও চৰ্ত আছে। সহবাসৰ বাবে দুয়োজন ব্যক্তি প্ৰাপ্তবয়স্ক হোৱাটো প্ৰয়োজন। বিবাহযোগ্য বয়সৰ নহ’লেও কমেও ১৮ বছৰ হ’ব লাগে। নাবালক ল’ৰা বা ছোৱালীৰ লগত লিভ-ইন ৰিলেচন থকাটো কেৱল অনৈতিক নহয়, ই অবৈধও।
১৮ বছৰৰ তলৰ ব্যক্তিক নাবালক বুলি গণ্য কৰা হয় বুলিও আদালতে উল্লেখ কৰে। আৰু তেওঁলোকক একেলগে থাকিবলৈ দিব নোৱাৰি। ন্যায়াধীশ বিৰলা আৰু ন্যায়াধীশ কুমাৰৰ বিচাৰপীঠে আলী আৰু ছালনীৰ আবেদন খাৰিজ কৰে।