আজি দিল্লীৰ আদালতে মন্ত্ৰী সতীন্দৰ জৈনৰ জামিন আবেদন খাৰিজ কৰে ৷ ধন আত্মসাতৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল মন্ত্ৰী সতীন্দৰ জৈনক ৷
এই সন্দৰ্ভত বিশেষ ন্যায়াধীশ গীতাঞ্জলী গোৱেলে জৈনক জামিন দিয়াৰ কথা অস্বীকাৰ কৰি কয় যে, তেওঁক জামিন মঞ্জুৰ কৰাৰ বাবে মঞ্চখন উপযুক্ত নহয় ৷ আনহাতে জামিনৰ আবেদন খাৰিজ কৰা হৈছে বুলিও ন্যায়াধীশ গৰাকীয়ে কয় ৷
জৈনক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ধন আত্মসাতৰ এটা গোচৰত । লগতে তেওঁক ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (পিএমএলএ) অপৰাধী ধাৰাৰ অধীনত জিম্মাত লোৱা হৈছিল। বৰ্তমান ন্যায়িক জিম্মাত আছে জৈন।
আনহাতে জৈনক জিম্মাত লোৱাৰ পিছত তেওঁৰ সকলো দপ্তৰ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক আৱণ্টন কৰা হৈছিল।