বিপদত পৰিছে বিজেপি নেতা শ্বাহনাৱাজ হুছেইন ৷ দিল্লী উচ্চ ন্যায়ালয়ে হুছেইনৰ বিৰুদ্ধে এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিবলৈ নির্দেশ দিছে ৷ উচ্চ ন্যায়ালয়ে বিজেপি নেতা শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা এগৰাকী মহিলাৰ এজাহাৰ ভিত্তিত দিল্লী আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে ৷ মহিলা গৰাকীৰ এজাহাৰ পঞ্জীয়ন কৰিবলৈ বিচৰা কার্যক প্ৰত্যাহ্বান জনাই হুছেইনে দাখিল কৰা আবেদন খাৰিজ কৰা হৈছে ৷
উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে কয় -“বৰ্তমানৰ আবেদনখনৰ কোনো ভিত্তি নাই। আবেদনখন খাৰিজ কৰা হৈছে। অন্তৱৰ্তীকালীন আদেশসমূহ প্ৰত্যাহাৰ কৰা হৈছে । তৎক্ষণাত এজাহাৰ পঞ্জীয়ন কৰা হওক। তদন্ত সম্পূৰ্ণ কৰি ফৌজদাৰী বিধিৰ ১৭৩ ধাৰাৰ অধীনত বিশদ প্ৰতিবেদন তিনি মাহৰ ভিতৰত মহানগৰ দণ্ডাধীশৰ আগত দাখিল কৰিব লাগিব ৷”
উচ্চ ন্যায়ালয়ে নিজৰ নির্দেশনাত উল্লেখ কৰে যে আৰক্ষীৰ ষ্টেটাছ ৰিপ’ৰ্টত চাৰিবাৰকৈ অভিযুক্তৰ বক্তব্য ৰেকৰ্ডিং কৰাৰ কথা উল্লেখ আছে ৷ কিন্তু এজাহাৰ কিয় পঞ্জীয়ন কৰা হোৱা নাছিল তাৰ কোনো ব্যাখ্যা প্ৰকাশ কৰা হোৱা নাই।
উল্লেখ্য যে ২০১৮ চনত দিল্লীৰ এগৰাকী মহিলাই শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল ৷ এখন দণ্ডাধীশৰ আদালতে ২০১৮ চনৰ ৭ জুলাইত বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়নৰ নিৰ্দেশ দিছিল ৷ ইয়াক প্ৰত্যাহ্বান জনাই হুছেইনে প্ৰথমে সত্ৰ ন্যায়াধীশৰ আৰু পৰৱর্তী সময়ত উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল ৷ কিন্তু দুয়োখন আদালততে তেওঁ মুখথেকেচা খাবলগীয়া হয় ৷