VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

voicedesk by voicedesk
March 2, 2023
in আইন
নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব  প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী প্ৰক্ৰিয়াত ‘স্বচ্ছতা বজাই ৰখা’ৰ বাবে উচ্চতম ন্যায়ালয়ে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে কয় যে এখন বিশেষ  কমিটীয়ে দেশৰ নিৰ্বাচনী আয়ুক্তক নিযুক্তি দিব। এই সমিতিৰ সদস্য হ’ব দেশৰ মুখ্য ন্যায়াধীশ, প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলৰ নেতা। উচ্চতম ন্যায়ালয়ৰ এই কাৰ্যক বহুতে ‘ঐতিহাসিক’ বুলি গণ্য কৰিছে।

 

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় দিওঁতে বৃহস্পতিবাৰে কয় যে সমগ্ৰ দেশতে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্বাচন আয়ুক্তৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। পৰিৱৰ্তিত পৰিস্থিতিত তিনিজনীয়া কমিটীয়ে নতুন নিৰ্বাচনী আয়ুক্তৰ নাম প্ৰস্তাৱ কৰিব ৷ তাৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিয়ে আয়ুক্তক নিযুক্তি দিব।

 

উচচতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠেও দেশৰ নির্বাচন প্রক্রিয়াত স্বচ্ছতা বজাই ৰখাটো প্রয়োজনীয়তা প্রকাশ কৰে৷ উচ্চতম ন্যায়ালয়ে কয় যে এই পদক্ষেপ স্বচ্ছতাৰ স্বাৰ্থত লোৱা হৈছে । এই প্ৰসংগত আদালতে পৰ্যবেক্ষণ কৰে যে চিবিআইৰ মুৰব্বীক যিদৰে নিযুক্তি দিয়া হয়, ঠিক সেইদৰেই নিৰ্বাচন আয়ুক্তসকলক নিযুক্তি দিয়া উচিত। বৰ্তমানৰ ব্যৱস্থাত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে নিৰ্বাচন আয়ুক্তক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। তেওঁলোকৰ কাৰ্যকাল ৬ বছৰ। সাধাৰণতে এই পদৰ বাবে দেশৰ প্ৰাক্তন আমোলাসকলক বাছনি কৰা হয়। কিন্তু এই মনোনয়নৰ ওপৰত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছ হওক বা বিজেপি হওক বিৰোধী দলসমূহে চৰকাৰৰ ঘনিষ্ঠ আমোলাক নিৰ্বাচন আয়ুক্ত কৰা বুলি বিভিন্ন সময়ত দাবী কৰি আহিছে।

 

দেখাত নিৰ্বাচন আয়োগ এক স্বতন্ত্ৰ আৰু স্ব-শাসিত প্ৰতিষ্ঠান যদিও বহুবাৰ ইয়াৰ বিৰুদ্ধে ৰাজনৈতিক হস্তক্ষেপৰ অভিযোগ উত্থাপন হৈছে। শাসকীয় দলৰ ক্ষেত্ৰত মৌনতা আৰু বিৰোধী দলৰ ব্যৱহাৰত অতি সক্ৰিয় হোৱাৰ অভিযোগো আয়োগক উত্থাপন কৰা হৈছে। শেহতীয়াকৈ আয়োগে ছিন্দেবাহিনীক ‘প্ৰকৃত’ শিৱসেনা হিচাপে স্বীকৃতি দিয়াৰ পিছতে উদ্ধৱ থাকৰেৰ সমৰ্থকসকলে আয়োগক ৰাজনৈতিক পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰে। উদ্ধৱ থাকৰেই নিজেই আয়োগক শাসকীয় দলৰ ‘সেৱক’ বুলি ঠাট্টা-মস্কৰা কৰিছিল। এই প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ৰ এই আদেশ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

Previous Post

কোহলিৰ ৰেকর্ডক স্পর্শ ‘বেটছমেন’ উমেশৰ ! প্ৰাক্তন প্ৰশিক্ষক শাস্ত্ৰীকো কৰিলে অতিক্ৰম , কি এই নতুন অভিলেখ যাদৱৰ !

Next Post

আকাশলংঘী হৈছে ৰন্ধন গেছৰ দাম , খৰচ কম কৰিবলৈ কেনেকৈ গেছ ৰাহি কৰিব পাৰি?

Related Posts

আইন

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

January 29, 2025
মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে
আইন

মেজেঙা শাক খাইছেনে ? জানো আহক মেজেঙা শাকৰ বিষয়ে

November 9, 2024
অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়
আইন

অনুসূচিত জাতি-জনজাতিৰ মাজত এটা অংশক পৃথকে সংৰক্ষণ প্ৰদান কৰিব পাৰে, উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়

August 1, 2024
কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ
আইন

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

July 25, 2024
দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ
আইন

দেশত আজিৰে পৰা বলবৎ হ’ল তিনি নতুন অপৰাধমূলক আইন, দিল্লীত নতুন আইনৰ অধীনত প্ৰথমটো গোচৰ

July 1, 2024
উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত
আইন

উচ্চতম ন্যায়ালয়ৰ উদ্যোগ :দেশজুৰি দেৱানী গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হ’ব লোক আদালত

June 14, 2024
Next Post
আকাশলংঘী হৈছে ৰন্ধন গেছৰ দাম , খৰচ কম কৰিবলৈ কেনেকৈ গেছ ৰাহি কৰিব পাৰি?

আকাশলংঘী হৈছে ৰন্ধন গেছৰ দাম , খৰচ কম কৰিবলৈ কেনেকৈ গেছ ৰাহি কৰিব পাৰি?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7