কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোডী উপাধিক লৈ কৰা অশালীন মন্তব্যক লৈ হোৱা মানহানিৰ গোচৰত শাস্তি স্থগিত ৰখাৰ বাবে জনোৱা আৱেদনৰ আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে ৷ উচ্চতম ন্যায়ালয়ে অভিযোগকাৰী বিজেপি নেতা পূৰ্ণেশ মোডীক জাননী জাৰি কৰিছে। ন্যায়াধীশ আৰ এছ গাভাই আৰু ন্যায়াধীশ পি কে মিশ্ৰৰ বিচাৰপীঠে গুজৰাট চৰকাৰক এই গোচৰত নিজৰ স্থিতি বিচাৰি জাননী জাৰি কৰিছে। ৪ আগষ্টত হ’ব এই গোচৰটোৰ পৰৱৰ্তী শুনানি। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কয় যে এই পৰ্যায়ত গোচৰৰ দীঘলীয়া শুনানিৰ প্ৰয়োজন নাই। শাস্তিৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰা হ’ব নে নহয়, তাক লৈ শুনানি হ’ব ৷
গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচ্চাকৰ বিচাৰপীঠে ‘ফৌজদাৰী মানহানি’ গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুলক ২৩ মাৰ্চত চুৰাট দণ্ডাধীশ আদালতে দিয়া দুবছৰৰ কাৰাদণ্ডৰ স্থগিত ৰাখিছিল ৷ শনিবাৰে ৰাহুলৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি ৰায়দানৰ ওপৰত স্থগিতাদেশ বিচাৰিছিল। আৱেদনখনত কোৱা হৈছে যে গুজৰাট উচ্চ ন্যায়ালয়ৰ ৭ জুলাইৰ ৰায়দান স্থগিত ৰখা নহ’লে বাক স্বাধীনতা, মত প্ৰকাশ, স্বতন্ত্ৰ চিন্তাৰ স্বাধীনতা কৰ্তনৰ পৰিৱেশৰ সৃষ্টি হ’ব।
২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতৰ ন্যায়াধীশ এইচ এইচ ভাৰ্মাই কৰ্ণাটকৰ কোলাৰত ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহে। গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে দাখিল কৰা ‘ফৌজদাৰী মানহানি’ গোচৰত ৰাহুল গান্ধীক জামিন মঞ্জুৰ কৰি ন্যায়াধীশগৰাকীয়ে ৰাহুল গান্ধীক উচ্চ ন্যায়ালয়ত আপীল কৰিবলৈ ৩০ দিনৰ সময় দিয়ে। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতৰ সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮(৩) অনুচ্ছেদ অনুসৰি, চুৰাট দণ্ডাধীশ আদালতৰ ৰায়ৰ ভিত্তিত ৰাহুলক সাংসদ হিচাপে বৰ্খাস্ত কৰে।