VOICE 24x7
Sunday, September 24, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মানহানি গোচৰত কি হ’ব ৰাহুল গান্ধীৰ ভৱিষ্যৎ, গুজৰাট চৰকাৰক স্থিতি স্পষ্ট কৰাৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 21, 2023
in আইন
মানহানি গোচৰত কি হ’ব ৰাহুল গান্ধীৰ ভৱিষ্যৎ, গুজৰাট চৰকাৰক স্থিতি স্পষ্ট কৰাৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোডী  উপাধিক লৈ কৰা অশালীন মন্তব্যক লৈ হোৱা মানহানিৰ গোচৰত শাস্তি স্থগিত ৰখাৰ বাবে জনোৱা আৱেদনৰ আজি উচ্চতম ন্যায়ালয়ে  শুনানি গ্ৰহণ  কৰে ৷ উচ্চতম ন্যায়ালয়ে অভিযোগকাৰী বিজেপি নেতা পূৰ্ণেশ মোডীক জাননী জাৰি কৰিছে। ন্যায়াধীশ আৰ এছ গাভাই আৰু ন্যায়াধীশ পি কে মিশ্ৰৰ বিচাৰপীঠে গুজৰাট চৰকাৰক এই গোচৰত নিজৰ স্থিতি বিচাৰি জাননী জাৰি কৰিছে। ৪ আগষ্টত হ’ব এই গোচৰটোৰ পৰৱৰ্তী শুনানি। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কয় যে এই পৰ্যায়ত গোচৰৰ দীঘলীয়া শুনানিৰ প্ৰয়োজন নাই। শাস্তিৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰা হ’ব নে নহয়, তাক লৈ শুনানি হ’ব ৷

 

গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচ্চাকৰ বিচাৰপীঠে ‘ফৌজদাৰী মানহানি’ গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুলক ২৩ মাৰ্চত চুৰাট দণ্ডাধীশ আদালতে দিয়া দুবছৰৰ কাৰাদণ্ডৰ স্থগিত ৰাখিছিল ৷  শনিবাৰে ৰাহুলৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি ৰায়দানৰ ওপৰত স্থগিতাদেশ বিচাৰিছিল। আৱেদনখনত কোৱা হৈছে যে গুজৰাট উচ্চ ন্যায়ালয়ৰ ৭ জুলাইৰ ৰায়দান স্থগিত ৰখা নহ’লে বাক স্বাধীনতা, মত প্ৰকাশ, স্বতন্ত্ৰ চিন্তাৰ স্বাধীনতা কৰ্তনৰ পৰিৱেশৰ সৃষ্টি হ’ব।

 

২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতৰ ন্যায়াধীশ এইচ এইচ ভাৰ্মাই কৰ্ণাটকৰ কোলাৰত ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহে। গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে দাখিল কৰা ‘ফৌজদাৰী মানহানি’ গোচৰত ৰাহুল গান্ধীক জামিন মঞ্জুৰ কৰি ন্যায়াধীশগৰাকীয়ে ৰাহুল গান্ধীক উচ্চ ন্যায়ালয়ত আপীল কৰিবলৈ ৩০ দিনৰ সময় দিয়ে। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতৰ সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮(৩) অনুচ্ছেদ অনুসৰি, চুৰাট দণ্ডাধীশ আদালতৰ ৰায়ৰ ভিত্তিত ৰাহুলক সাংসদ হিচাপে বৰ্খাস্ত কৰে।

 

 

Previous Post

পূর্ণ গতিত চলিছে পথ নির্মাণৰ কাম,ছেপ্টেম্বৰৰ পৰা তীৰ্থযাত্ৰীসকলে দর্শন কৰিব পাৰিব কৈলাস

Next Post

‘চিটাডেল’ৰ কাম সামৰিয়েই এবছৰৰ বিৰতি ল’ব সামান্থাই, এবছৰৰ বিৰতিত কিমান টকা লোকচানৰ সন্মুখীন হ’ব অভিনেত্ৰীগৰাকী?

Related Posts

সাংবিধানিক ব্যর্থতা- চৰকাৰে ব্যৱস্থা নল’লে আমি ল’বলৈ বাধ্য হ’ম- মণিপুৰত দুই যুৱতীক উলংগ কৰি সমদল উলিওৱা ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি
আইন

নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ত হ’ব পৰৱৰ্তী শুনানি

September 20, 2023
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
আইন

মণিপুৰৰ উত্তপ্ত পৰিস্থিতিকলৈ চিবিআইৰ গোচৰ, ৰাজ্যৰ তিনি আদালতত হ’ব শুনানি

September 1, 2023
৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে বহু গোচৰ, বুধবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত ধাৰাবাহিক শুনানি
আইন

মণিপুৰ হিংসাৰ চিবিআইৰ সকলো গোচৰৰ শুনানি গুৱাহাটীৰ আদালতত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 25, 2023
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ
আইন

ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

August 24, 2023
অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!
আইন

অভিনেত্ৰী জয়াপ্ৰদাক চেন্নাইৰ আদালতৰ ছমাহৰ কাৰাদণ্ডৰ শাস্তি, কি অপৰাধ কৰিলে অভিনেত্ৰী গৰাকীয়ে !!

August 12, 2023
ৰাহুল গান্ধীৰ শাস্তি বাহাল ৰখা ন্যায়াধীশক গুজৰাটৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি  উচ্চতম ন্যায়ালয়ৰ
আইন

ৰাহুল গান্ধীৰ শাস্তি বাহাল ৰখা ন্যায়াধীশক গুজৰাটৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি উচ্চতম ন্যায়ালয়ৰ

August 11, 2023
Next Post
‘চিটাডেল’ৰ কাম সামৰিয়েই এবছৰৰ বিৰতি ল’ব সামান্থাই, এবছৰৰ বিৰতিত কিমান টকা লোকচানৰ সন্মুখীন হ’ব  অভিনেত্ৰীগৰাকী?

‘চিটাডেল’ৰ কাম সামৰিয়েই এবছৰৰ বিৰতি ল’ব সামান্থাই, এবছৰৰ বিৰতিত কিমান টকা লোকচানৰ সন্মুখীন হ’ব অভিনেত্ৰীগৰাকী?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7