ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই বৃহস্পতিবাৰে তেওঁৰ উত্তৰাধিকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ন্যায়াধীশ উদয় উমেশ ললিতৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷ চলিত মাহত অৱসৰ ল’ব মুখ্য ন্যায়াধীশ ৰমনাই ৷ ভাৰতৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ ন্যায়াধীশ ৰমনাই ২০২১ চনৰ ২৪ এপ্ৰিলত এছ এ ববডেৰ পৰা ভাৰতীয় ন্যায়পালিকাৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই অৱসৰ গ্ৰহণ কৰাৰ এদিন পিছত ২৭ আগষ্টত ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব পাৰে ললিতে ।চলিত বৰ্ষৰ ৮ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব ন্যায়াধীশ ললিতে ৷ অর্থাৎ তেওঁৰ কাৰ্যকাল তিনিমাহতকৈও কম হ’ব।
উল্লেখ্য যে ২০১৪ চনৰ ১৩ আগষ্টত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা এজন প্ৰখ্যাত জ্যেষ্ঠ অধিবক্তা হৈছে ন্যায়াধীশ ইউ ইউ ললিত। তেওঁ কেইবাটাও গুৰুত্বপুর্ণ গোচৰৰ বিচাৰপ্ৰক্ৰিয়াৰ সৈতে জড়িত আছিল । ২০১৭ চনৰ আগষ্ট মাহত ‘ট্ৰিপল তালাক’ সন্দর্ভত ৰায়দান কৰা পাঁচজন ন্যায়াধীশৰ সংবিধানিক বিচাৰপীঠৰ অংশ আছিল ললিত ৷ ১৯৮৩ চনৰ জুন মাহত ন্যায়াধীশ ললিতে অধিবক্তা হিচাপে কর্মজীৱন আৰম্ভ কৰিছিল ৷ ১৯৮৫ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। ১৯৮৬ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ দিল্লীত ওকালতি কৰিবলৈ আৰম্ভ কৰে ৷ ২০০৪ চনৰ এপ্ৰিল মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিয়ে।