ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলোকে ভেকচিন গ্ৰহণ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে আহ্বান জনাই আহিছে ৷ বিভিন্ন ক্ষেত্ৰত সুবিধা লাভ কৰাৰ বাবে বাধ্যতামূলক কৰা হৈছে ভেকচিন গ্ৰহণ ৷ ইয়াৰ বিপৰীতে কাকো ভেকচিন ল’বলৈ বাধ্য কৰাব নোৱাৰি বুলি মতপোষণ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ লগতে ভেকচিন গ্ৰহণ কৰাৰ পাছত হ’ব পৰা প্ৰভাৱৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ৷
এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয়, “আইনৰ অধীনত শাৰীৰিক সুৰক্ষাৰ অধিকাৰ আছে আৰু কাকো টীকাকৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰি।” অৱশ্যে, ন্যায়ালয়ে সামূহিক স্বাস্থ্যৰ স্বাৰ্থত “ব্যক্তিগত অধিকাৰৰ ওপৰত কিছুমান সীমাবদ্ধতা” আৰোপ কৰিব পাৰি বুলি উল্লেখ কৰে ৷
উচ্চতম ন্যায়ালয়ে লগতে কয়, “ক’ভিড-উপযুক্ত আচৰণক বাহিৰে যদি সংক্ৰমণ কম হয় তেনেহ’লে আমি ৰাজহুৱা স্থান, সেৱা লাভৰ ক্ষেত্ৰত টীকাকৰণ নকৰা ব্যক্তিসকলক কোনো ধৰণৰ বাধা নিদিয়াতো বিচাৰো ৷ যদি ইতিমধ্যে তেনে নির্দেশ দিয়া হৈছে তেনেহ’লে সেয়া প্ৰত্যাহাৰ কৰক ৷ “
টীকাকৰণৰ ওপৰত ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শদাতা গোটৰ (এনটিএজিআই) প্ৰাক্তন সদস্য জেকব পুলিয়েলৰ এখন আবেদনত উল্লেখ কৰা হৈছিল যে বিভিন্ন সুবিধা আৰু সেৱা প্ৰাপ্ত কৰাৰ বাবে টীকাকৰণ বাধ্যতামূলক কৰি নাগৰিকৰ অধিকাৰ উলংঘন কৰা হৈছে আৰু এয়া অসাংবিধানিক। আৱেদনখনত কোৱা হৈছে যে বহুতো ৰাজ্যই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে, ৰাজহুৱা পৰিবহনত ভ্ৰমণ কৰা আৰু ৰাজসাহায্যযুক্ত খাদ্যশস্য প্ৰাপ্ত কৰাৰ বাবে ভেকচিন বাধ্যতামূলক কৰা হৈছে ৷ আৱেদনখনৰ জৰিয়তে ক’ভিড ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলৰ তথ্য ৰাজহুৱা কৰাৰ নির্দেশ দিবলৈ প্ৰার্থনা জনাইছে ৷