ৰাছিয়াই ইউক্ৰেইনত চলাই থকা সামৰিক অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতে ৷ ন্যায় আদালতে এটা ৰায়ত কৈছে যে ৰাছিয়াই ২৪ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত চলাই থকা সামৰিক অভিযান শীঘ্ৰেই বন্ধ কৰা উচিত ৷
ন্যায় আদালতৰ এই নিৰ্দেশৰ পাছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডাইমিৰ জেলেনস্কিয়ে কয় যে, ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে ন্যায় আদালতত দাখিল কৰা গোচৰত সম্পূৰ্ণৰূপে জয়ী হৈছে ৷ ন্যায় আদালতৰ এই নিৰ্দেশ আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত বাধ্যতামূলক যাক ৰাছিয়াই মানি লোৱা উচিত ৷
আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে কৈছে যে ৰাছিয়া ইউক্ৰেইনত নিজৰ লক্ষত উপনীত হ’ব ৷ পাশ্চাত্যৰ দেশসমূহে ৰাছিয়াক অকলশৰীয়া কৰাৰ বাবে চলোৱা প্ৰচেষ্টাত তেওঁ সেঁও নামানে ৷