প্ৰাক্তন আইএএছ বিষয়া অৰুণ গোৱেলক নতুন নির্বাচনী আয়ুক্ত নিযুক্তিক লৈ কেন্দ্ৰক প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে ৷ কেন্দ্ৰই তেওঁৰ নিযুক্তিৰ মূল ফাইল সাংবিধানিক বিচাৰপীঠৰ সন্মুখত ৰখাৰ পিছত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে অৰুণ গোৱেলৰ নাম নতুন নিৰ্বাচন আয়ুক্ত হিচাপে “বিজুলীৰ গতি”ত চূড়ান্ত কৰাক লৈ এই প্ৰশ্ন উত্থাপন কৰে।
ন্যায়াধীশ কে এম যোচেফৰ নেতৃত্বত ন্যায়াধীশ অজয় ৰাষ্টোগী, অনিৰুদ্ধ বসু, হৃষিকেশ ৰায় আৰু চি টি ৰবিকুমাৰে গঠিত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত সংস্কাৰ বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে ২৪ ঘণ্টাৰ ভিতৰত ফাইলত অনুমতি প্ৰদান কৰিবলৈ কি এনে জৰুৰী আছিল বুলি কেন্দ্ৰই প্ৰশ্ন উত্থাপন কৰে ৷
যোৱা সপ্তাহত প্ৰাক্তন আই এ এছ বিষয়াগৰাকীক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া “ব্যৱস্থা”ৰ বিষয়ে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰই সোধা-পোছা কৰিছিল ৷ কেন্দ্ৰই দাবী কৰা ধৰণে যদি সঠিক আছিল তেনেহ’লে ফাইলটো দাখিল কৰিবলৈ ভয় কৰা উচিত নহয় ৷
“এয়া কেনেকুৱা মূল্যায়ন? যদিও, আমি অৰুণ গোৱেলৰ যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰা নাই বৰঞ্চ প্ৰক্ৰিয়াটোক লৈ প্ৰশ্ন উত্থাপন কৰিছো।’- বিচাৰপীঠে লগতে কয়।
যিহেতু উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছিল যে গোৱেলৰ নিযুক্তি সম্পৰ্কীয় ফাইলটো “বিজুলীৰ গতিৰে” অনুমোদন জনাইছিল ৷ কেন্দ্ৰৰ হৈ এটর্নী জেনেৰেলে এই বিষয়টোত ন্যায়ালয়ক মন্তব্য নকৰিবলৈ আহ্বান জনায় সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহবান জনায় ৷
আইন মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীলৈ চাৰিজন লোকৰ নাম কেনেকৈ চূড়ান্ত কৰি প্ৰেৰণ কৰিলে সেই সন্দৰ্ভত ন্যায়ালয়ে সোধাত এটৰ্নী জেনেৰেলে উত্তৰ দিলে যে ডিঅ’পিটিৰ তথ্যৰ ভিত্তিত এই কাম কৰা হৈছে।