অভিনেত্ৰী জিয়া খানৰ মৃত্যুৰ গোচৰত অভিনেতা সূৰজ পাঞ্চালীয়ে মুম্বাইৰ বিশেষ চিবিআই আদালতত আবেদন দাখিল কৰিছে যদিও তেওঁৰ অধিবক্তা প্ৰশান্ত পাটিলে কয় যে জিয়াৰ মাতৃ ৰাবিয়া খানে বিচাৰ বিলম্বিত কৰিবলৈ চেষ্টা কৰি আছে।
অভিনেতাজনে বিচাৰিছিল যে আদালতে ৰাবিয়া খানৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট (এনবিডব্লিউ) জাৰি কৰিব লাগে। তেওঁৰ মতে চমন এৰাই চলাৰ লগতে ইচ্ছাকৃতভাৱে বিশেষ চিবিআই আদালতত হাজিৰ হোৱা নাছিল ৰাবিয়া।
এই সন্দৰ্ভত হাতে লিখা আৱেদনখনত কোৱা হৈছে যে, “অভিযুক্ত পক্ষই মূল অভিযোগকাৰীক কেইবাবাৰো চমন প্ৰদান কৰিছে, কিন্তু তেওঁ তেওঁৰ বিবৃতি ৰক্ষা কৰিবলৈ আদালতৰ সন্মুখত হাজিৰ হোৱা নাই। মূল অভিযোগকাৰীজনে দ্ৰুত বিচাৰৰ বাবে এই আদালতৰ সৈতে সহযোগিতা কৰা দেখা নাযায় আৰু বিচাৰ বিলম্বিত কৰিবলৈ এই আদালতৰ সন্মুখলৈ অহা পৰিহাৰ কৰা দেখা নাযায়।”প্ৰতিবেদনখনত এইটোও কোৱা হৈছিল যে চিবিআইৰ বিশেষ ন্যায়াধীশ এ এছ চয়াদে চিবিআইক পাঞ্চালীৰ দ্বাৰা আবেদনৰ উত্তৰ দাখিল কৰিবলৈ কৈছিল। গোচৰটো ৭ জুলাইত পৰৱৰ্তী শুনানিৰ বাবে স্থগিত ৰখা হৈছে।
আদালতে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাবিয়াক চমন জাৰি কৰিছিল। কিন্তু এতিয়ালৈকে তেওঁ মাত্ৰ দুবাৰহে আহিব নোৱাৰাৰ কাৰণ দৰ্শাইছে আৰু কৈছে যে তেওঁ কিয় লণ্ডনৰ পৰা মুম্বাইলৈ সাক্ষ্য দিবলৈ আহিব নোৱাৰিলে। এবাৰ তেওঁ কৈছিল যে তেওঁৰ ইণ্টাৰনেটে কাম কৰা নাই আৰু আন এবাৰ তেওঁৰ ঘৰটো বানপানীত প্লাবিত হোৱা বুলি কৈছিল ৰাবিয়া খানে ।
উল্লেখযোগ্য যে অভিনেত্ৰী জিয়া খানক ২০১৩ চনত তেওঁৰ বাসগৃহত মৃত অৱস্থাত পোৱাৰ পিছতে তেওঁৰ প্ৰেমিক সূৰজ পাঞ্চালীক জুহু আৰক্ষীয়ে তেওঁৰ আত্মহত্যাৰ বাবে উদগনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।