বুধবাৰে উচ্চতম ন্যায়ালয়ে মেডিকেল কাউন্সেলিং কমিটী (এমচিচি )ক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ নীট পি জিৰ আসন পূৰণত ব্যর্থ হোৱাৰ বাবে ন্যায়ালয়ে কমিটীক ভৎসর্ণা কৰি কয় “আপোনালোকে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে ধেমালি কৰিছে “ ৷ লগতে নীট পিজিত এখনো আসন যাতে অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নির্দেশ দিয়ে ৷ ন্যায়াধীশ এম আৰ শ্বাহ আৰু অনিৰুদ্ধ বসুৰ খণ্ড বিচাৰপীঠে এম চি চি আৰু কেন্দ্ৰৰ অধিবক্তাক আজি দিনটোৰ ভিতৰতে আসন কিয় খালী হৈ হৈছে সেই সন্দর্ভত সৱিশেষ শপতনামা দাখিল কৰিবলৈ নির্দেশ দিয়ে ৷ তদুপৰি পৰৱৰ্তী শুনানিৰ বাবে কাইলৈ গোচৰটো তালিকাভুক্ত কৰে আদালতে।
আজিৰ শুনানিৰ সময়ত ১৪৫৬ খন আসন খালী হৈ থকাৰ কথা অৱগত হোৱাৰ পাছতে আদালতে আশ্চর্য প্ৰকাশ কৰে। এমচিচিৰ হৈ হাজিৰ হোৱা অধিবক্তাই এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ সময় বিচাৰিছিল। এমচিচিৰ অধিবক্তাই লগতে কয় যে ২০২২ চনৰ কাউন্সেলিঙত বিলম্ব হ’ব ৷ আদালতে এম চি চিক প্ৰশ্ন কৰে যে, “আমাক চিকিৎসক আৰু ছুপাৰ স্পেচিয়েলিষ্টৰ প্ৰয়োজন আৰু আপোনালোকে আসন খালী কৰি ৰাখি কি পাব?”