বিহাৰত জাতিভিত্তিক গণনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অনুমতি বিচাৰি দাখিল কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। জাতিভিত্তিক গণনাত পাটনা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ প্ৰদান কৰাৰ পাছত বিহাৰ চৰকাৰৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত এই প্ৰশ্ন উত্থাপন কৰি কয় , ‘কোনে তথ্য সংগ্ৰহ কৰিছে? জৰীপ হওক বা লোকপিয়ল হওক, আমি প্ৰথমে প্ৰক্ৰিয়াটো পৰ্যালোচনা কৰিম।”
প্ৰসংগক্ৰমে যোৱা ৪ মে’ত পাটনা উচ্চ ন্যায়ালয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰৰ জাতিভিত্তিক গণনা কাৰ্যসূচী স্থগিত ৰখাৰ নিৰ্দেশ দিছিল। স্থগিতাদেশৰ আদেশ জাৰি কৰাৰ পিছত উচ্চ ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত কয় , ‘এনে জাতি গণনা কৰাৰ অধিকাৰ কেৱল কেন্দ্ৰীয় চৰকাৰৰহে আছে।’ পাটনা উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছত নীতিশে কয়, ‘যদি জাতিভিত্তিক গণনা কৰা হয় , পিছপৰা শ্ৰেণীয়ে লাভৱান হ’লহেঁতেন।” পাটনা উচ্চ ন্যায়ালয়ৰ লগতে তেওঁ সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ ইংগিত দিলে।
বিগত নৱেম্বৰ মাহত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশে আৰ্থিকভাৱে পিছপৰা লোকৰ বাবে চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত ১০ শতাংশ আসন সংৰক্ষণ ঘোষণা কৰাৰ পিছতে সমগ্ৰ দেশতে জাতিভিত্তিক লোকপিয়লৰ দাবী উত্থাপন কৰিছিল। বিহাৰত জেডি(ইউ)-আৰজেডি-কংগ্ৰেছ-বাওঁপন্থী ‘মহাগঠবন্ধন’ চৰকাৰে দ্ৰুতগতিত আৰম্ভ কৰিলে জাতিগণনা। দৰাচলতে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পূৰ্বে নীতিশ চৰকাৰে ৬ জুনত জাতি লোকপিয়ল সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল। কিন্তু পাটনা উচ্চ ন্যায়ালয়ৰ ৰায়দানে এই অধিসূচনা স্থগিত ৰাখে ৷
ইয়াৰ পিছতে বিহাৰ চৰকাৰৰ এই পদক্ষেপক প্ৰত্যাহ্বান জনাই পাটনা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হয়। আবেদনকাৰীয়ে দাবী কৰে যে নীতিশ চৰকাৰৰ এই পদক্ষেপ “বৈষম্যমূলক আৰু অসাংবিধানিক”। এই পদক্ষেপ মৌলিক অধিকাৰ আৰু সংবিধানৰ ১৪ নং অনুচ্ছেদ (সমতা আৰু সমতাৰ অধিকাৰ)ৰ বিৰুদ্ধে বুলি আৱেদনকাৰীসকলৰ অভিযোগ। বিহাৰত ৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ জাতি লোকপিয়ল অনুষ্ঠিত হৈছিল। ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায় ১৫ মে’লৈকে চলিব লাগিছিল কিন্তু তাৰ পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ প্ৰদান কৰে ৷
ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই বিশ্বাস কৰে যে লোকৰ সন্মুখত পিছপৰা (অ’বিচি) ভোটক লক্ষ্য কৰি ল’বলৈ জেডিইউৰ সভাপতি নীতিশ আৰু তেওঁৰ মিত্ৰ আৰজেডি নেতা তথা উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে জাতিভিত্তিক পিয়লৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷তেওঁলোকৰ মতে অ’বিচিৰ প্ৰকৃত সংখ্যা জাতি লোকপিয়লৰ পিছতহে প্ৰকাশ পাব।এতিয়া ২৭ শতাংশ আসন অ’বিচিৰ বাবে সংৰক্ষিত। কিন্তু অ’বিচিৰ সংখ্যা মুঠ জনসংখ্যাৰ ৫০ শতাংশ বুলি ধাৰণা কৰা হৈছে। জাতি লোকপিয়লতো যদি কথাটো আহি পৰে, তেন্তে স্বাভাৱিকতে অ’বিচিৰ বাবে অধিক সংৰক্ষণৰ দাবী উত্থাপন হ’ব। এনে পৰিস্থিতিত চৰকাৰী শিক্ষানুষ্ঠান আৰু চাকৰিৰ অসংৰক্ষিত (সাধাৰণ) আসন আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। জাতি লোকপিয়লৰ বিৰোধীসকলে অভিযোগ কৰে যে সেই ক্ষেত্ৰত মেধাৱী লোকসকল ক্ষতিগ্ৰস্ত হ’ব৷