যোধপুৰ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভৰি স্পৰ্শ কৰা এগৰাকী মহিলা অভিযন্তাক ৰাজস্থান চৰকাৰে নিলম্বন কৰাৰ বাতৰিয়ে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।শুকুৰবাৰে সন্ধিয়া এই ব্যৱস্থা গ্ৰহণ কৰে ৰাজস্থান চৰকাৰে। মহিলা বিষয়াগৰাকীয়ে কৰ্তব্য এৰি ৰাষ্ট্ৰপতিৰ নিৰাপত্তা প্ৰট’কল উলংঘা কৰাৰ অভিযোগ উ্থাপন কৰি নিলম্বন কৰা হ’ল কৰ্তব্যৰত অভিযন্তা গৰাকীক।
উল্লেখযোগ্য যে এই নিলম্বন এনে এটা সময়ত সংঘটিত হৈছে যি সময়ত কৰ্ণাটকৰ হুবলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোডশ্ব’ৰ সময়ত এজন ল’ৰা তেওঁৰ ওচৰলৈ যোৱাৰ বাতৰি সমগ্ৰ দেশতে এক চৰ্চাৰ বিষয় হৈ পৰিছে। জানিব পৰা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হস্তক্ষেপত ৰাজস্থানৰ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগে (পি এইচ ই ডি) এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে মহিলা বিষয়াগৰাকীক ।
আচলতে চলিত বৰ্ষৰ ৪ জানুৱাৰীত সংঘটিত হৈছিল এই ঘটনা, যেতিয়া ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোহাটত স্কাউট গাইড জাম্বোৰীৰ উদ্বোধনী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল। সেইসময়তে পি এইচ ই ডিৰ কনিষ্ঠ অভিযন্তা আম্বা ছিউলে নিজৰ কৰ্তব্য পাহৰি ৰাষ্ট্ৰপতিৰ ভৰি চুবলৈ চেষ্টা কৰে। ছিউলৰ পানীৰ ব্যৱস্থা চাবলৈ আম্বা অনুষ্ঠানত উপস্থিত আছিল যদিও তেওঁ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ প্ৰট’কল ভংগ কৰি হঠাতে আগবাঢ়ি আহি ৰাষ্ট্ৰপতিৰ ভৰি চুবলৈ চেষ্টা কৰে। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা প্ৰদান কৰে। এই ঘটনাৰ পিছত তেওঁক আনুষ্ঠানিকভাৱে স্থানীয় আৰক্ষীয়েও জেৰা কৰে যদিও তাৰ পিছত তেওঁক মুকলি কৰি দিয়া হয়।
কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই ঘটনা নিৰীক্ষণ কৰাৰ পিছত এই ঘটনাক ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক গুৰুতৰ দোষ হিচাপে গণ্য কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজস্থান চৰকাৰ আৰু ৰাজস্থান আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰে আৰু তাৰ পিছতেই সংশ্লিষ্ট বিভাগৰ মুখ্য অভিযন্তাই কনিষ্ঠ মহিলা অভিযন্তা আম্বা ছিউলক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে।
राष्ट्रपति द्रौपदी मुर्मू के पैर छूने वाली की इंजीनियर को प्रोटोकॉल उल्लंघन करने पर विभाग ने किया सस्पेंड @ABPNews @SachinPilot @ashokgehlot51 @rashtrapatibhvn @PMOIndia @DrSatishPoonia @iampulkitmittal @srameshwaram @santprai pic.twitter.com/wzrADmGoVc
— करनपुरी (@abp_karan) January 14, 2023