এইবাৰ অসম সন্তান ন্যায়াধীশ উজ্জ্বল ভূঞা হ’ব তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৷ উচ্চতম ন্যায়ালয় কলেজিয়ামে ন্যায়াধীশ ভূঞাৰ লগতে ৫জন ন্যায়াধীশক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ কেন্দ্ৰক পৰামৰ্শ প্ৰেৰণ কৰিছে ৷ ন্যায়াধীশ ভূঞা ২০১১চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল ৷ ২০১৯চনত তেওঁক বোম্বে উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰা হৈছিল আৰু ২০২১চনৰ অক্টোবৰত তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ত যোগদান কৰিছিল ৷
ন্যায়াধীশ ভূঞা গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক হোৱাৰ লগতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷অসম বাসীৰ বাবে ই নিশ্চয় এক সুখবৰ যে এজন অসমীয়াই বহিঃৰাজ্যৰ উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যদক্ষতা প্ৰদৰ্শন কৰিব ৷
উল্লেখযোগ্য যে দেশৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয় কলেজিয়ামৰ ন্যায়াধীশ নিযুক্তিৰ পৰামৰ্শ কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে গ্ৰহণ কৰাটো বাধ্যতামূলক ৷